অসমত বহুবিবাহ নিষিদ্ধকৰণৰ বাবে নৱেম্বৰত বিধেয়ক আনিব বিধানসভাত । ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।বহুবিবাহ কৰালেই হ’ব ৭ বছৰ জে’ল । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ঘোষণা কৰিছে যে ৰাজ্য চৰকাৰে বহুবিবাহ নিষিদ্ধ কৰাৰ বাবে এখন আইন প্ৰণয়ন কৰিব । যাৰ বাবে নৱেম্বৰ মাহত হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ’ব বহুবিবাহ-বিৰোধী আইনৰ বাবে বিধেয়ক । ২৫ নৱেম্বৰত বিধানসভাত এই বিধেয়ক উত্থাপন কৰা হ’ব । যদি কোনো ব্যক্তিয়ে প্ৰথমগৰাকী মহিলাক ন্যায়ালয়ৰ যোগেদি বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰে, তেন্তে তেওঁ সাত বছৰ বা ততোধিক কাৰাদণ্ডৰ সন্মুখীন হ’ব ।” Share this:FacebookX Related Post navigation এইবাৰ অসমত হ’ব SIR প্ৰক্ৰিয়া! বীৰ লাচিত সেনাৰ বিৰুদ্ধে উঠিছে এক বৃহৎ অপৰাধৰ অভিযোগ