ভোডাফোন আইডিয়া(ভি)-ই ৰেডএক্স ফেমিলী প্লেন মুকলি কৰি নিজৰ ধ্বাজাবাহী ৰেডএক্স পোষ্টপেইড পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰিছে-ভাৰতৰ প্ৰথমটো পৰিয়ালৰ পোষ্টপেইড প্লেনে প্ৰাথমিক আৰু গৌণ উভয় ব্যৱহাৰকাৰীৰ বাবে প্ৰকৃতাৰ্থত সীমাহীন ৪জি/৫জি ডাটা, আন্তঃৰাষ্ট্ৰীয় ৰোমিং আৰু সমান প্ৰিমিয়াম সুবিধা প্ৰদান কৰে। দুজন সদস্যৰ বাবে প্ৰতি মাহে ১,৫০১ টকা মূল্যৰ এই প্লেনে প্ৰিমিয়াম পোষ্টপেইড খণ্ডত এক নতুন মানদণ্ড স্থাপন কৰিছে।

মূল অফাৰসমূহৰ ভিতৰত অন্যতম আনলিমিটেড ভইচ কল, প্ৰতিমাহে ৩,০০০ এছএমএছ, নেটফ্লিক্স, এমাজন প্ৰাইম, জিঅ’চিনেমা আৰু চ’নীলিভৰ দৰে শীৰ্ষ অ’টিটি প্লেটফৰ্ম ব্যৱহাৰ, ছমাহৰ ছুইগি ৱান চাবস্ক্ৰিপচন, বছৰি ৪ বাৰ বিনামূলীয়া বিমানবন্দৰ লাউঞ্জৰ সুবিধা আৰু ২,৯৯৯ টকাৰ ৭ দিনীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং পেক। সম্পূৰ্ণ সুবিধাৰ সৈতে অতিৰিক্ত সদস্য ২৯৯ টকাতে যোগ কৰিব পাৰিব। এই প্লেনত ড’ৰষ্টেপ চিম ডেলিভাৰী আৰু ২৪x৭ সমৰ্থনকে ধৰি নৰ্টন ডিভাইচ সুৰক্ষা আৰু ভি অগ্ৰাধিকাৰ সেৱাও আছে।

উত্তৰ-পূবত দ্ৰুতগতিত বৃদ্ধি পোৱা ডিজিটেল হাব গুৱাহাটীত ৰেডএক্স ফেমিলী প্লেনে ব্যাপক সংযোগ আৰু মনোৰঞ্জনৰ ভৰপূৰ সমল বিচৰা প্ৰিমিয়াম পোষ্টপেইড ব্যৱহাৰকাৰীক আকৰ্ষণ কৰিবলৈ সাজু হৈছে। নগৰীয়া পৰিয়ালসমূহৰ মাজত নিৰৱচ্ছিন্ন আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সুবিধা আৰু ষ্ট্ৰীমিং সেৱাৰ চাহিদা বৃদ্ধিৰ লগে লগে এই পৰিকল্পনাই অঞ্চলটোৰ প্ৰতিযোগিতামূলক টেলিকম বজাৰত কোলাহল অধিক শক্তিশালী কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *