নমনীয়তা আৰু ব্যয়সাধ্যতা বৃদ্ধিৰ পদক্ষেপৰূপে ভি (ভোডাফোন আইডিয়া) এ ফেমিলী পোষ্টপেইড প্লেনত ২৯৯ টকাৰ নতুন এড-অন সুবিধা মুকলি কৰিছে। যাৰ ফলত এটা প্লেনৰ অধীনত আঠজনলৈকে অতিৰিক্ত সদস্য যোগ কৰিব পরা যাব। প্রতিজন গৌণ ব্যৱহাৰকাৰীয়ে ৪০জিবি হাই স্পীড ডাটা লাভ কৰিব, আনলিমিটেড কল আৰু ২০০জিবি ডাটা বোলঅভাৰৰ দবে সুবিধাসমূহৰে প্লেন উন্নীতকৰণৰ প্রয়োজন নোহোৱাকৈ সুবিধা যথেষ্ট বৃদ্ধি কৰিব পাৰিব। এই শেহতীয়া অফাৰে আধুনিক ভাৰতীয় পৰিয়ালৰ অনুকূলে কাষ্টমাইজড ডিজিটেল সমাধান প্রদানৰ বাবে ভিব ‘সমর্পণ আকৌ এবাৰ প্ৰমাণ কৰিলে। উদাহৰণস্বৰূপে, এটা প্রাথমিক আৰু এটা গৌণ সংযোগ অন্তর্ভুক্ত কৰা ভি মেক্স ফেমিলী এতিয়া ৭০১ টকাৰ প্লেনত এতিয়া প্রতিজন সদস্যৰ বাবে ২৯৯ টকাত আৰু সাতজন ব্যৱহাৰকাৰীলৈকে ব্যৱস্থা কৰি ল’ব পাৰিব। এই এড-অন প্লেনসমূহ ভিৰ ৭০১ টকাৰ পৰা আৰম্ভ কৰি ১৪০১ টকীয়া প্লেনসমূহৰ পৰিপূৰক। য’ত আ’টিটি আৰু জীৱনশৈলীৰ সুবিধাসমূহ যেনে আমাজন প্রাইম, ছনিলিভ, ছুইগিৱান আৰু ইজিডিনাৰ আদিও অন্তর্ভুক্ত কৰা হৈছে। গুৱাহাটীতো বহু লোকৰ মাজত বসবাস আৰু ডিজিটেল বিনিময় পদ্ধতিৰ ব্যৱহাৰ বাঢ়িছে। ২৯৯ টকীয়া এড-অনে বাজেট-অনুকূল অথচ শক্তিশালী টেলিকম সমাধান বিচৰা গ্রাহকসকলক আকৰ্ষণ কৰিবলৈ সাজু হৈছে। গুৱাহাটীৰ খুচুৰা বিক্রেতাসকলে বহু ব্যৱহাৰকাৰী পৰিয়ালৰ বাবে অতিৰিক্ত ব্যয়সাধ্যতা আৰু সুবিধাৰ বাবে ভি ফেমিলী প্লেনৰ চাহিদা বৃদ্ধি হোৱাৰ আশা কৰিছে। Share this:FacebookX Related Post navigation সীমান্ত সুৰক্ষা বাহিনীৰ সফল অভিযান দুৰ্যোগৰ আশংকা হ্ৰাসৰ ওপৰত জাপানত দ্বিতীয় প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য আৰু আই আই টি গুৱাহাটীৰ