ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ বিৰাট কোহলীয়ে শ্ৰেষ্ঠ এদিনীয়া বেটছমেনৰ স্থান পুনৰ দখল কৰাৰ প্ৰচেষ্টাত আগবাঢ়ি গৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি)ৰ শেহতীয়া এদিনীয়া বেটিং ৰেংকিঙত দ্বিতীয় স্থান দখল কৰে। ২০২১ চনৰ এপ্ৰিল মাহত পাকিস্তানৰ বাবৰ আজমে শীৰ্ষ স্থানৰ পৰা আঁতৰোৱাৰ পিছত কোহলীয়ে এদিনীয়া বেটছমেনৰ ৰেংকিঙত এক নম্বৰ স্থান দখল কৰিব পৰা নাই।কিন্তু শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সমাপ্ত তিনিখন মেচৰ এদিনীয়া শৃংখলাত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবেই সোঁহাতৰ বেটছমেনগৰাকীয়ে পুনৰ শীৰ্ষস্থান দখল কৰাৰ ওচৰ চাপিছে। ৩৭ বছৰীয়া কোহলীয়ে তিনিখন মেচত ৩০২ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰাৰ লগতে শেহতীয়া ৰেংকিঙত দুটা স্থান বৃদ্ধিৰে সতীৰ্থ ৰোহিত শৰ্মাৰ পিছতে দ্বিতীয় স্থান লাভ কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত ১৪৬ ৰান সংগ্ৰহ কৰি ৰোহিতে ৰেংকিঙৰ শীৰ্ষত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। বিশাখাপট্টনমত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন মেচত অপৰাজিত ৬৫ ৰান সংগ্ৰহ কৰি কোহলীয়ে ৰোহিতৰ পৰা মাত্ৰ ৮ ৰেটিং পইণ্ট পিছ পৰি আছে। ৰোহিতে ৭৮১ পইণ্ট, কোহলিৰ ৭৭৩ পইণ্ট। আঘাতৰ বাবে তিনিখন মেচৰ শৃংখলাত অংশ ল’ব নোৱাৰিলেও পঞ্চম স্থানত আছে শুভমন গিল। তেওঁৰ অনুপস্থিতিত দলটোক নেতৃত্ব দিয়া লোকেশ ৰাহুলে দুটা স্থান লাভ কৰি ১২ নম্বৰ স্থানত আছে। বাওঁহাতৰ স্পিনাৰ কুলদীপ যাদৱে বলাৰৰ তালিকাত তিনিটা স্থান অগ্ৰগতিৰে তৃতীয় স্থান লাভ কৰিছে। দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি কক (তিনি স্থান বৃদ্ধিৰে ১৩ নম্বৰ), আইডেন মাৰ্ক্ৰাম (চাৰিটা স্থান বৃদ্ধিৰে ২৫ নম্বৰলৈ), আৰু টেম্বা বাভুমা (তিনি স্থান বৃদ্ধিৰে ৩৭ নম্বৰলৈ) আদিয়েও ৰেংকিঙত উন্নতি সাধন কৰিছে। টেষ্ট ৰেংকিঙত অষ্টম স্থানত থকা যশস্বী জয়ছোৱাল ভাৰতৰ শীৰ্ষ বেটছমেন হৈ আছে। গিল আৰু ঋষভ পণ্টে এটাকৈ স্থান ওপৰলৈ উঠি ক্ৰমে ১১ আৰু ত্ৰয়োদশ স্থান লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰকে টেষ্ট বলাৰৰ ৰেংকিঙত অৰ্জন কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন এছেছ টেষ্টত মেন অৱ দ্য মেচৰ সন্মান লাভ কৰা বাওঁহাতৰ বলাৰগৰাকীয়ে তিনিটা স্থান লাভ কৰি তৃতীয় স্থান লাভ কৰিছে। ষ্টাৰকে দুখন মেচত ১৮টা উইকেট দখল কৰি কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেটিং পইণ্ট আৰু শ্ৰেষ্ঠ ৰেংকিং লাভ কৰিছে। Share this:FacebookX Related Post navigation আই পি এলত ১১০ জন বিদেশী খেলুৱৈসহ ৩৫০ ক্ৰিকেটাৰৰ হ’ব নিলাম ৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতৰ ব্ৰঞ্জৰ পদক