শৈক্ষিক ক্ষেত্ৰত ৭৫ বছৰ সম্পূৰ্ণ কৰি হিন্দুজা গ্ৰুপে শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি নিজৰ দায়বদ্ধতা আকৌ এবাৰ প্ৰমাণ কৰি হিন্দুজা কলেজক ডিমড ইউনিভাৰ্চিটিলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনাৰ কথা সদৰি কৰিছে। এই উদযাপন অনুষ্ঠানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভাৰতীয় কৰ্পৰেট প্ৰতিষ্ঠানসমূহক বিশেষ শিক্ষানুষ্ঠানত বিনিয়োগ কৰিবলৈ আহ্বান জনাই শিক্ষাৰ ক্ষেত্ৰত দানশীলতা বা পৰোপকাৰ বাণিজ্যিকীকৰণৰ দ্বাৰা পৰিচালিত হ’ব নালাগে বুলি নিজৰ অভিমত ব্যক্ত কৰিছে। হিন্দুজা ফাউণ্ডেচনৰ অধ্যক্ষ অশোক হিন্দুজাই ২০৩০ চনৰ ভিতৰত ৰোড টু স্কুল আৰু ৰোড টু লাইভলিহুডৰ দৰে পদক্ষেপৰ জৰিয়তে ১০ লাখ শিক্ষাৰ্থীক শক্তিশালী কৰাৰ নিজৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰে। বৰ্তমান ৬,০০০ৰো অধিক শিক্ষাৰ্থীক সেৱা আগবঢ়োৱা কলেজখনে এটা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰিব আৰু কৃত্ৰিম বুদ্ধিমত্তা, তথ্য বিজ্ঞান, জলবায়ু বিত্ত আৰু ৰপ্তানি-আমদানি ব্যৱস্থাপনাত নতুন পাঠ্যক্ৰম আৰম্ভ কৰিব। ২০২৮ চনৰ ভিতৰত নতুন অত্যাধুনিক চৌহদৰ পুনৰ্বিকাশ হ’লে ইয়াৰ ক্ষমতা তিনিগুণ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীয়েও উদ্যোগ-প্ৰাসংগিক পাঠ্যক্ৰমৰ বৰ্ধিত চাহিদাৰ সৈতে এক গুৰুত্বপূৰ্ণ শিক্ষা কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। এন ই পি ২০২০ৰ অধীনত নাকৰ এ+ স্বীকৃতি আৰু স্বায়ত্তশাসিত শিক্ষানুষ্ঠানলৈ হিন্দুজা কলেজৰ ৰূপান্তৰ ভাৰতৰ বিকশিত ভাৰত ২০৪৭ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ আৰু উপ ৰাষ্ট্ৰপতিয়ে উৎকৃষ্ট ফলাফল দেখুৱাবলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। Share this:FacebookX Related Post navigation হিন্দুস্তান পাৱাৰে অসমৰ নৱীকৰণযোগ্য শক্তি খণ্ডত ৬২০ কোটি টকা বিনিয়োগ কৰিব ৰাজ্য চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে USTM ৰ আচাৰ্য মহবুবুল হকে লাভ কৰিলে জামিন