ভি-ৰ কণ্টেণ্ট এগ্ৰিগেটৰ(সমল একত্ৰক) প্লেটফৰ্ম ভি মুভিজ এণ্ড টিভি-এ ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনক লাইভ ষ্ট্ৰীমিং আৰু বিশেষভাৱে প্ৰস্তুত কৰা দেশপ্ৰেমমূলক সমলৰ জৰিয়তে দৰ্শকৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিবলৈ সাজু হৈছে। ভি-ৰ ব্যৱহাৰকাৰীয়ে নতুন দিল্লীৰ লালকিল্লাৰ পৰা পোনপটীয়াকৈ ভি মুভিজ এণ্ড টিভি এপত পতাকা উত্তোলন অনুষ্ঠান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ পোনপটীয়াকৈ চাব পাৰিব, যি চাবস্ক্ৰিপচন অবিহনে সকলো ভি-ৰ ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ।

ইয়াৰ লগতে ভি-এ এক বিশেষ স্বাধীনতা দিৱসৰ ৱাশ্বলিষ্ট সৃষ্টি কৰিছে, য’ত জিঅ’হটষ্টাৰ, ছনীলিভ আৰু জি৫কে ধৰি ভাৰতৰ শীৰ্ষ অ’টিটি প্লেটফৰ্মসমূহৰ জনপ্ৰিয় সমলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত অন্যতম হৈছে : উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক, মুখবীৰ-দ্য ষ্টৰী অৱ এ স্পাই, ছেম বাহাদুৰ, অৱৰোধ : দ্য ছিজ উইদিন আৰু নীৰজা ইত্যাদি, যিসমূহ চলচ্চিত্ৰত সাহস, ত্যাগ আৰু দেশৰ গৌৰৱৰ উপস্থাপন কৰিছে। এই ৰিচাৰ্জ প্লেসমূহ মাত্ৰ ৫০ টকাৰ পৰা আৰম্ভ হৈছে। ১৫৪ টকাৰ এবাৰ িচাৰ্জৰ অধীনত ১৭টা আগশাৰীৰ অ’টিটি প্লেটফৰ্মৰ সহজ ব্যৱহাৰৰ সুযোগ লাভ কৰে।

গুৱাহাটীৰ ব্যৱহাৰকাৰীসকলে এতিয়া নিৰবিচ্ছিন্নভাৱে স্বাধীনতা দিৱসৰ পোনপটীয়া সম্প্ৰচাৰ আৰু প্ৰিমিয়াম অ’টিটি সমল উপভোগ কৰিব পাৰে, যাৰ ফলত একাধিক সদস্যপদ(ছাবস্ক্ৰিপচন)ৰ প্ৰয়োজনীয়তা হ্ৰাস পায় আৰু বন্ধৰ সময়কণত পৰিয়ালসমূহৰ বাবে মনোৰঞ্জনৰ বিকল্প প্ৰদান কৰিছে।  স্থানীয় খুচুৰা ব্যৱসায়ীসকলেও উদযাপনৰ পূৰ্বে ভিআই-ৰ ছাবস্ক্ৰিপচন প্লেনৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱাৰ কথা প্ৰকাশ কৰিছে, যি উত্তৰ-পূবৰ বজাৰত বৰ্ধিত চাহিদাৰ কথা প্ৰতিফলিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *