পেমেণ্ট কাৰ্ড উদ্যোগ-ডাটা সুৰক্ষা মানক সংস্কৰণ ৪.০ (পিচিআই ডিএছএছ ৪.০)ৰ তৰফৰ পৰা প্ৰমাণপত্ৰ লাভ কৰা দেশৰ প্ৰথম টেলিকম অপাৰেটৰ ৰূপে ভি-এ টেলিকম উদ্যোগত এক নতুন মানদণ্ড স্থাপন কৰিলে। এই গুৰুত্বপূৰ্ণ সাফল্যই গ্ৰাহকৰ ধন-লেনদেন পৰিশোধৰ সময়ত তথ্য সুৰক্ষিত কৰাৰ বাবে সৰ্বোচ্চ গোলকীয় সুৰক্ষা মানদণ্ডৰ প্ৰতি ভি-ৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিলে।

পেমেণ্ট কাৰ্ড ইণ্ডাষ্ট্ৰী ছিকিউৰিটী ষ্টেণ্ডাৰ্ডছ কাউঞ্চিল(পিচিআই এছএছচি)-এ স্থাপন কৰা পিচিআই ডিএছএছ ৪.০ স্বীকৃতিয়ে ডাটা উলংঘন আৰু প্ৰৱঞ্চনামূলক লেনদেনৰ পৰা সুৰক্ষা দিবলৈ সবাতোকৈ কঠোৰ সুৰক্ষা প্ৰট’কল প্ৰৱৰ্তন কৰিছে। আৰবিআইৰ নিৰ্দেশনা অনুসৰি বেংকিং আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে পিচিআই ডিএছএছ ৪.০ মানি চলাটো বাধ্যতামূলক, ভি-লৈ প্ৰদান কৰা এই কৃতিত্ব টেলিকম খণ্ডৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।

ভিৰ চিটিঅ’ জগবীৰ সিঙে এই বিষয়ত জোৰ দি কয় যে, ”আমাৰ গ্ৰাহকৰ তথ্যৰ সুৰক্ষা সদায়ে প্ৰাথমিক অগ্ৰাধিকাৰ। পিচিআই ডিএছএছ ৪.০ লাভ কৰাটোৱে সৰ্বোচ্চ সুৰক্ষা মানদণ্ড বজাই ৰখাৰ বাবে আমাৰ সমৰ্পণ জলজল-পটপটকৈ স্পষ্ট কৰি তুলিলে। এই প্ৰমাণপত্ৰ লাভ কৰা ভাৰতৰ প্ৰথমটো টেলিকম অপাৰেটৰ হিচাপে আমি অতিশয় গৌৰৱান্বিত।” এই স্বীকৃতিয়ে ভি-ৰ প্ৰতি গ্ৰাহকৰ আস্থা অধিক বৃদ্ধি হোৱাৰ লগতে ডাটা সুৰক্ষাত ভি-ক এক বিশ্বস্ত প্ৰতিষ্ঠান হিচাপে স্থান প্ৰদান কৰিব। এই প্ৰমাণ পত্ৰই গ্ৰাহকসকলক প্ৰৱঞ্চনামূলক লেনদেনৰ বিৰুদ্ধে বৰ্ধিত সুৰক্ষাৰ দ্বাৰা লাভান্বিত কৰাৰ লগতে ভি-ৰ সেৱাৰ ওপৰত নিজৰ বিশ্বাস বৃদ্ধি কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *