অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰবীণ সাংবাদিক তথা বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইনক নলবাৰীত প্ৰদান কৰে ‘চ্যুকাফা বঁটা’। শাৰীৰিক অসুস্থতাৰ বাবে চৰাইদেউত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত দেওবাৰে নলবাৰী আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত তেওঁক এই সন্মান আগবঢ়োৱা হয়। বঁটা গ্ৰহণ কৰি বিশিষ্ট সাংবাদিকগৰাকীয়ে তেওঁ লাভ কৰা নগদ ৫০ হাজাৰ টকাৰ ধনৰাশি পুনৰ সংগঠনটোৰ আৰোগ্য নিধিলৈ দান কৰে। বঁটাটিত পাটৰ গামোচা, আহোমৰ সাজপাৰ, এখন হেংদাং, মানপত্ৰ, শৰাই, স্মাৰক আৰু নগদ ধন আদি আছে। বঁটা গ্ৰহণ কৰি হাইদৰ হুছেইনে কয় যে তেওঁৰ একমাত্ৰ পৰিচয় অসমীয়া আৰু দ্বিতীয় পৰিচয় ভাৰতীয়। বৰ্তমান সময়ক সংকটৰ সময় বুলি অভিহিত কৰি তেওঁ কয় যে জাতিটোক জীয়াই ৰাখিবলৈ হ’লে অসমত ঐক্যবদ্ধতাৰ বিকল্প নাই। মাতৃভাষাৰ বিদ্যালয়ৰ প্ৰতি ৰাইজৰ আস্থা কমি অহাৰ প্ৰসংগতো তেওঁ উদ্বেগ প্ৰকাশ কৰে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে শিল্পী জুবিন গাৰ্গক এই বঁটা প্ৰদান কৰা হৈছিল। অনুষ্ঠানৰ পাছতে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইৰ সভাপতিত্বত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় য’ত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। Share this:FacebookX Related Post navigation ভোটাৰ তালিকাৰ সংশোধনীক লৈ সৰৱ আছু-আটাছুসহ জাতীয় সংগঠন নাপালে সকাহ! উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ