নিকোলাছ মাদুৰোক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ বাবে হঠাতে চলোৱা সামৰিক অভিযানৰ পিছত ভেনিজুৱেলাই আমেৰিকাক ৫ কোটি বেৰেল তেল দিব বুলি প্ৰতিশ্ৰতি দিছে বুলি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত লিখিছে যে এই তেল বজাৰৰ মূল্যত বিক্ৰী কৰা হ’ব, ইয়াৰ পৰা পোৱা ধন তেওঁৰ নিয়ন্ত্ৰণত থাকিব আৰু ইয়াক ভেনিজুৱেলা আৰু আমেৰিকাৰ জনসাধাৰণৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা হ’ব। ১৮ মাহৰ ভিতৰত ভেনিজুৱেলাত আমেৰিকাৰ তেল উদ্যোগ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’ব বুলি কোৱাৰ পিছতে ট্ৰাম্পে এই মন্তব্য কৰিছে। ইয়াৰ ফলত ভেনিজুৱেলাত যথেষ্ট বিনিয়োগ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। কিন্তু বিশ্লেষকসকলে পূৰ্বে জনাইছিল যে ভেনিজুৱেলাৰ পূৰ্বৰ তেল উৎপাদনৰ মাত্ৰা পুনৰুদ্ধাৰ কৰিবলৈ লাখ কোটি ডলাৰ খৰচ হ’ব পাৰে আৰু ইয়াৰ বাবে এক দশক পৰ্যন্ত সময় লাগিব। মঙলবাৰে ট্ৰুথ ছ’চিয়েলত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে যে ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন প্ৰশাসনে আমেৰিকাক ৩ কোটিৰ পৰা ৫ কোটি বেৰেল উচ্চমানৰ তেল প্ৰদান কৰিব ঘোষণা কৰিছে। তেওঁ লিখিছে-এই তেল বজাৰৰ মূল্যত বিক্ৰী কৰা হ’ব, আৰু ইয়াৰ পৰা পোৱা ধন আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে মোৰ নিয়ন্ত্ৰণত থাকিব যাতে ইয়াক ভেনিজুৱেলা আৰু আমেৰিকাৰ জনসাধাৰণৰ স্বাৰ্থত ব্যৱহাৰ কৰা হয়। ভেনিজুৱেলাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ এদিন পিছতে ট্ৰাম্পৰ এই মন্তব্য কৰে। ইফালে নিকোলাছ মাদুৰোক ড্ৰাগছ সৰবৰাহৰ আৰু অস্ত্ৰৰ অভিযোগৰ সন্মুখীন হ’বলৈ আমেৰিকালৈ অনা হৈছে। Share this:FacebookX Related Post navigation আগন্তুক বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোটে কমেও এশ আসন লাভ কৰিব ; দুৰ্গা সৰোবৰত যোগদান সমাৰোহত অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ; কংগ্ৰেছ নেতা – কৰ্মীসহ পাঁচ শতাধিকৰ অগপত যোগদান বিগত পাঁচটা বছৰত সৰিয়হৰ বীজ উৎপাদনত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ অভূতপূৰ্ব সাফল্য