ক্ৰমাৎ তীব্ৰতৰ হৈছে পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী ৷ পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ বিশেষ তত্বাৱধানত উলিওৱা জনসেৱা কাৰ্যসূচীত যোৱা প্ৰায় দুটা মাহত সকলো শ্ৰেণীৰ ডেৰ শতাধিক বাহনৰ গৰাকীৰ ঘৰ-কাৰ্যালয়, বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান আদিত উপস্থিত হৈ বাহনসমূহ সুৰক্ষিত, প্ৰদূষণমুক্ত কৰাৰ লগতে যাৱতীয় সকলো নথিপত্ৰ সঠিক কৰি ৰখাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সহায়কাৰী বিষয়া-কৰ্মীৰ দলে বিশেষভাৱে সেৱা আগবঢ়াই। বিষয়া-কৰ্মীৰ দলটোৱে আনকি বাহনৰ গৰাকীৰ নথিপত্ৰ বিষয়ক বিভিন্ন ওজৰ-আপত্তি ততালিকে নিষ্পত্তি কৰি দিয়ে। অনাগত দিনত বিশেষকৈ কোনো চালকেই যাতে অনুজ্ঞাপত্ৰ অবিহনে বাহন নচলায় আৰু কোনো গৰাকী-প্ৰতিষ্ঠানে যানবাহনৰ নথিপত্ৰসমূহ সঠিক কৰি নোলোৱাকৈ চালকৰ হাতত বাহন এৰি দি যাতায়াত ব্যৱস্থাটো অসুৰক্ষিত তথা বিপদজনক কৰি নোতোলে তাৰ প্ৰতি আহ্বান জনাইছে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়াৰ দায়িত্বতো থকা শ্ৰীগৌতম দাসে।

তদুপৰি ক্ৰমান্বয়ে তাপমাত্ৰা বাঢ়ি আহিবলৈ ধৰা গ্ৰীষ্মৰ আগন্তুক সময়চোৱাত পৰিৱেশ অনুকূল যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি সকলো শ্ৰেণীৰ বাহনৰ গৰাকীকে নিজৰ বাহনৰ গুৰুত্বপূৰ্ণ যন্ত্ৰাংশৰ লগতে আনুসঙ্গিক সকলো দিশ পৰীক্ষা কৰি ল’বলৈ আহ্বান জনাইছে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে। বিশেষকৈ গাড়ীৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱাই যাতে চৌপাশৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি জীৱকুলক অসুৰক্ষিত অৱস্থালৈ ঠেলি পঠিয়াব নোৱাৰে তাৰ প্ৰতি গভীৰভাৱে মনোনিৱেশ কৰিবলৈ তেওঁ আহ্বান জনায়। কিয়নো যানবাহনৰ পৰা নিৰ্গত ধোৱা অৰ্থাৎ কাৰ্বন মনক্সাইড, নাইট্ৰোজেন অক্সাইড, চালফাৰ ডাই অক্সাইড আদি বিষাক্ত প্ৰদূষকে  মানৱ শৰীৰত নীৰবে প্ৰৱেশ কৰি হাঁওফাঁও আৰু ছালৰ বিভিন্ন জটিল ৰোগ সৃষ্টি কৰাৰ লগতে জলবায়ু পৰিবৰ্তনতো প্ৰভাৱ পেলায়। এইবোৰে আনকি জীৱৰ মৃত্যুও ঘটাব পাৰে।

পৃথিৱীত আন সকলো কাৰকতকৈ যানবাহনসৃষ্ট প্ৰদূষণেই সৰ্বাধিক প্ৰভাৱ পেলোৱাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান চৰকাৰেও পৰিৱেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপনত অধিক গুৰুত্ব দিছে। এনেক্ষেত্ৰত আমি সকলোৱে বাহনসমূহ প্ৰদূষণমুক্ত কৰি নিজৰ লগতে উঠি অহা প্ৰজন্ম, চৌপাশৰ পৰিৱেশ তথা সমাজখনকো সুৰক্ষিত কৰি ৰাখিব লাগিব। সেয়ে ব্যক্তিগত, বাণিজ্যিক সকলো বাহনৰ গৰাকীয়ে প্ৰদূষণমুক্তৰ প্ৰমাণপত্ৰ লগত ৰাখক। কিয়নো প্ৰদূষণমুক্তৰ প্ৰমাণপত্ৰ লগত নাথাকিলে যানবাহন বিধিৰ ১৯০ ধাৰাত ১০হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হ’ব পাৰে। সেয়ে গ্ৰীষ্মৰ সময়চোৱাত তাপমাত্ৰা অধিক বৃদ্ধি পোৱাৰ আগতে আপুনিও আপোনাৰ বাহনখন সক্ষম-সুৰক্ষিত বাহন হিচাপে গঢ়ি তোলক আৰু বিপদমুক্ত যাতায়াত অব্যাহত ৰাখক।

Leave a Reply

Your email address will not be published. Required fields are marked *