আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ । সেয়েহে ৰাজ্যৰ প্ৰতিটো নামঘৰতেই সকলোৰে মাজত আৰম্ভ হৈছে ভীষণ ব্য়স্ততা । ভাদমাহ বুলিলেই শংকৰী দৰ্শন আৰু আধ্যাত্মিকতাৰ প্ৰতীক নামঘৰসমূহ নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে । ৰাজ্য়ৰ আন ঠাইৰ লগতে আজিৰে পৰা এমাহ ধৰি ভক্তিৰসত বিলীন হ’ব সত্ৰপীঠ মাজুলী ।৪৯৭ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি মাহজোৰাকৈ চাৰিপ্ৰসংগীয়া পালনাম আৰম্ভ ঢেকীয়াখোৱা বৰনামঘৰত ।মাজুলীৰ প্ৰতিখন সত্ৰৰ লগতে প্ৰায় তিনি শতাধিক নামঘৰত আৰম্ভ হৈছে ভাদমাহৰ নাম প্ৰসংগ । ভকত-বৈষ্ণৱসকলৰ লগতে আইমাতৃ, গাঁৱৰ ডেকা-গাভৰু সকলোৱে এই পৱিত্ৰ ভাদমাহত ভগৱানৰ চৰণত সেৱা-নিবেদন জনাই পৰিবেশন কৰে প্ৰভু ভগৱন্তৰ নাম ।ৰাজ্যৰ অন্য়ান্য প্ৰান্তৰ লগতে পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ ১৫২৮ ত মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰতো পুৱাৰে পৰা ভকত-বৈষ্ণৱৰ সমাবেশ পৰিলক্ষিত হয় । হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে ঢেকীয়াখোৱাৰ চৌপাশ । হাতে হাতে শৰাই-নৈবদ্য লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱে নিজা নিজা পৰিয়ালৰ মংগল কামনাৰে অক্ষয় বন্তিৰ সেৱা লয় । Share this:FacebookX Related Post navigation বাৰিষাৰ ব্ৰণৰ সমাধানে জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে আয়ুৰ্বেদ-চালিত ছুপাৰফুডৰ চাহিদা বৃদ্ধি পায় আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ