“ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিব, ই কোনো বিতৰ্কৰ বিষয় হ’ব নোৱাৰে!” -কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনাক লৈ সৃষ্টি হোৱা তীব্ৰ বাকযুদ্ধৰ মাজতে শুকুৰবাৰে এইদৰে এক তীব্ৰ সকীয়নী দিয়ে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ আটাইকেইটা স্তৱক গোৱা বাধ্যতামূলক কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা শেহতীয়া নিৰ্দেশনাক আদৰণি জনাই মৌৰ্যই কয় যে যিসকলে ইয়াৰ বিৰোধিতা কৰিব, তেওঁলোকৰ আচল স্বৰূপ দেশবাসীৰ আগত উন্মোচিত হ’ব। বিজেপি নেতাগৰাকীৰ এই মন্তব্যৰ পাছতে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি, যিকোনো অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ৰ পূৰ্বে ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ সম্পূৰ্ণ ছটা স্তৱক গোৱাটো এতিয়াৰে পৰা বাধ্যতামূলক হ’ব। উপ-মুখ্যমন্ত্ৰী মৌৰ্যই ইয়াক প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰি কয় যে বন্দে মাতৰম কেৱল এটা গীত নহয়, বৰঞ্চ ই মাতৃভূমিৰ প্ৰতি থকা শ্ৰদ্ধাৰ এক মন্ত্ৰ। তেওঁৰ মতে, স্বাধীনতা সংগ্ৰামীসকলে এই ধ্বনিৰেই দেশক স্বাধীন কৰিছিল আৰু বৰ্তমানৰ প্ৰজন্মই ইয়াক সম্পূৰ্ণৰূপে গ্ৰহণ কৰাটো ৰাষ্ট্ৰীয় কৰ্তব্য। আনহাতে, এই নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰিছে একাংশ বিৰোধী নেতাই। কংগ্ৰেছ সাংসদ ইমৰাণ মাছুদে কয় যে সংবিধানে দিয়া ধৰ্মীয় স্বাধীনতা কোনেও কাঢ়ি নিব নোৱাৰে। তেওঁৰ মতে, ইবাদতৰ পদ্ধতি সলনি কৰিবলৈ কাকো বাধ্য কৰাটো অসাংবিধানিক। ইফালে, ৰাজা একাডেমীৰ দৰে কেইবাটাও ধৰ্মীয় সংগঠনেও এই নিৰ্দেশনাক ‘অবৈধ’ বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, কোনো বিশেষ ধৰ্মীয় বিশ্বাসৰ বিৰোধী হ’ব পৰা কাৰ্যক চৰকাৰে বলপূৰ্বক জাপি দিব নালাগে। বিজেপি সাংসদ সাক্ষী মহাৰাজে অৱশ্যে বিৰোধীৰ এই স্থিতিৰ সমালোচনা কৰি কয় যে বন্দে মাতৰম কোনো ধৰ্মৰ বিৰোধী নহয়। এই বিতৰ্কই এতিয়া উত্তৰ প্ৰদেশৰ পৰা মুম্বাইলৈকে বিয়পি পৰিছে। শিৱসেনা আৰু বিজেপিৰ অন্যান্য নেতাসকলেও মৌৰ্যৰ সুৰতে সুৰ মিলাই কয় যে ৰাষ্ট্ৰীয় স্বাৰ্থত এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে বন্দে মাতৰমৰ ১৫০ সংখ্যক বৰ্ষপূৰ্তিৰ এই বিশেষ ক্ষণত কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে ৰাজনৈতিক মেৰুকৰণ অধিক তীব্ৰতৰ কৰাৰ সম্ভাৱনা আছে। Share this:FacebookX Related Post navigation বাংলাদেশৰ নতুন সংসদত একমাত্ৰ হিন্দু প্ৰতিনিধিঃ বি এন পিৰ বিজয়ৰ মাজতে হ্ৰাস পালে সংখ্যালঘুৰ আসন বাজেট অধিৱেশনৰ বিৰতি; অহা ৯ মাৰ্চত পুনৰ মিলিত হ’ব সংসদৰ দুয়োখন সদন