উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ । আজি উচ্ছেদ চলিব ৰেংমা সংৰক্ষিত বনাঞ্চলৰ কৃষ্ণপুৰ আৰু হালধীবাৰীত ।আজি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ৰাণানগৰ, হাটিডুবি, দুৰ্গাপুৰ, মধুপুৰ আৰু হালধিবাৰী গাঁৱত চলিব উচ্ছেদ অভিযান । প্ৰায় ২৫০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ আজি চলিব প্ৰশাসনৰ বুলড’জাৰ ।ইপিনে দেওবাৰে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ পিঠাঘাটৰ কুখ্যাত ড্ৰাগছ মাফিয়া, চুপাৰী মাফিয়া হাৰেশ আলী ওৰফে হাৰোৰ তামোলৰ বাৰী উচ্ছেদ কৰিলে প্ৰশাসনে । সমান্তৰালকৈ বৃহৎ বৃহৎ তামোলৰ বাৰীৰ তামোলৰ গছসমূহ ধ্বংস কৰিছে প্ৰশাসনে । কিয়নো ৰেংমা সংৰক্ষিত বনাঞ্চলত বনানীকৰণৰ বাবে গছপুলি ৰোপণ কৰা হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও এই গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি সৰুপথাৰৰ বিধায়কে জানিবলৈ দিছে । যাৰবাবে এনেদৰে তামোলৰ বাৰীসমূহ মুকলি কৰা হৈছে । Share this:FacebookX Related Post navigation আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ নক্সালবাদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে নিৰাপত্তা বাহিনীয়ে