লখিমপুৰত চলিব এক বৃহৎ উচ্ছেদ অভিযান । যাৰ বাবে প্ৰশাসনে সাজু কৰিছে আৰক্ষী, চি আৰ পি এফ কমাণ্ডো । মাথোঁ এদিনৰ পাছতে এটা বৃহৎ গ্ৰেজিং বেদখলদাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ সাজু হৈছে প্ৰশাসন ।ইতিমধ্যে চাৰিদিনৰ সময়সীমাৰে ৰাজহ বিভাগে জাননী দিছে বেদখলকাৰীসকলক । লখিমপুৰ নগৰৰ সমীপৰ চিৰিং চুকৰ কাষৰ খ্ৰীষ্টান গাঁও এলেকাত চলিব এই অভিযান ।প্ৰায় ৩০০ পৰিয়াল থকা খ্ৰীষ্টান গাঁও এলেকাত বসবাস কৰা লোকসকলক অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬ ৰ পট্টন বিধি ১৮(২) আৰু ১৮ (৩)ৰ আধাৰত উচ্ছেদৰ জাননী জাৰি কৰা হৈছে । Share this:FacebookX Related Post navigation বজাৰ সংশোধনৰ মাজতে বাজাজ ফিনচাৰ্ভ এএমচি-এ ৩-ইন-১ সুবিধাৰে মুকলি কৰিছে স্মল কেপ ফাণ্ড শিৱসাগৰবাসীৰ বাবে ভাল খবৰ