প্ৰতিযোগিতামূলক বজাৰ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ ভিৰৰ মাজত খুচুৰা বিনিয়োগকাৰীক সঠিক বিনিয়োগৰ সিদ্ধান্ত লোৱাত সহায় কৰাৰ লক্ষ্যৰে আপষ্টক্সে ‘কাট দ্য কিট কিট, গেট ইন দ্য মাৰ্কেট’ শীৰ্ষক এক অভিনৱ অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত বিনিয়োগকাৰীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব বিচাৰে, য’ত আছে বিত্তীয় সামগ্ৰীৰ ভুল বিক্ৰী, বিভ্ৰান্তিকৰ পৰামৰ্শ আৰু তথ্যৰ অতিৰিক্ত বোজা ইত্যাদি। গৱেষণা-নিৰীক্ষণৰ জৰিয়তে আপষ্টক্সে সাধাৰণ ফান্দসমূহ চিনাক্ত কৰি বিপদ মূল্যায়ন(ৰিস্ক এছেচমেণ্ট)তকৈ ৰিটাৰ্ণক অগ্ৰাধিকাৰ প্ৰদান আৰু বিত্তীয় পৰিকল্পনাত এক ৰূপ-আকাৰ প্ৰদানৰ সকলোৰে বাবে উপযুক্ত পদ্ধতি ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

এই সমস্যাবোৰৰ মোকাবিলা কৰাৰ বাবে বিনিয়োগ প্ৰক্ৰিয়াক সৰল আৰু ব্যৱহাৰকাৰীসকলক বুদ্ধিমত্তাৰে বিনিয়োগ কৰাৰ ক্ষমতা প্ৰদান কৰাৰ লক্ষ্য বান্ধি লৈছে আপষ্টক্সে। প্ৰচাৰৰ কেন্দ্ৰবিন্দু হিচাপে “কিট কিট” শব্দটোৰ জৰিয়তে মাৰ্কেট নইজ চিম্বলাইজ(প্ৰতীক বজাৰ)ৰ অত্যাধিক ভিৰ বা প্ৰতিযোগিতাৰ ওপৰত আলোকপাত কৰা ফিল্মৰ এক শৃংখলা। এই চলচ্চিত্ৰই এনে পৰিস্থিতিবোৰ প্ৰতিফলিত কৰিছে য’ত মানুহে আপষ্টক্সৰ স্বজ্ঞাত প্লেটফৰ্মৰ জৰিয়তে স্পষ্টতা অন্বেষণ নকৰালৈকে বিভ্ৰান্তিকৰ পৰামৰ্শৰ জৰিয়তে যিকোনো দিশলৈ গতি কৰিব পাৰে।

আপষ্টক্সৰ সহ-প্ৰতিষ্ঠাপক কবিতা সুব্ৰমণিয়ামে সকলো সম্পদ শ্ৰেণীতে সঠিক বিনিয়োগৰ বাবে সুলভ-সহজ তথ্য আৰু সঁজুলি প্ৰদান কৰাৰ বিষয়ত প্ৰতিষ্ঠানটোৰ মিছনত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই অভিযানে আপষ্টক্সৰ প্লেটফৰ্ম সুবিধাসমূহৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিছে, য’ত আছে কিউৰেটেড মিউচুৱেল ফাণ্ড, লক্ষ্যভিত্তিক বিনিয়োগ, সঠিক ষ্টক বিকল্প আৰু বিস্তৃত সম্পদ অনুসৰণ। ধাৰণাসমূহ অৱগত কৰাৰ বাবে ল’ৱে লিণ্টাছৰ সৈতে অংশীদাৰিত্ব কৰি আপষ্টক্সে আইপিএলত জিঅ’ চিনেমা আৰু ষ্টাৰৰ সৈতে সহযোগিতা কৰাৰ লগতে ডিজিটেল, টিভি আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে সমগ্ৰ দেশৰ দৰ্শকৰ সৈতে সংযোগ কৰাৰ লক্ষ্য ৰাখিছে। ১.৩ কোটিতকৈ অধিক গ্ৰাহকৰ সৈতে আপষ্টক্সে উদ্ভাৱন-অভিনৱ প্ৰদৰ্শন অব্যাহত ৰাখিছে, যাৰ সহায়ত উদীয়মান বিনিয়োগকাৰী আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী উভয়ৰে বাবে টেইলৰড মোড আগবঢ়াইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *