আগন্তুক বিধানসভা নিৰ্বাচনত বড়োলেণ্ড আঞ্চলিক পৰিষদৰ প্ৰতিখন আসনতে প্ৰাৰ্থিত্ব প্ৰদানৰ লক্ষ্যৰে ইউপিপিএল দলে চলাইছে তীব্ৰ প্ৰস্তুতি। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰাক্তন প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে বুধবাৰে ঘোষণা কৰে যে জনসাধাৰণৰ তীব্ৰ দাবীক সন্মান জনাই বিটিআৰৰ উপৰিও অঞ্চলটোৰ বাহিৰৰ কেইবাখনো আসনত তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। আগন্তুক নিৰ্বাচনী যুঁজত নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে এতিয়া সম্পূৰ্ণ সাজু হৈ উঠিছে ইউপিপিএল।

দলৰ নিৰ্বাচনী কৌশল সন্দৰ্ভত বড়োৱে কয় যে ইউপিপিএলে মিত্ৰতাৰ বাবে দুৱাৰ মুকলি ৰাখিছে আৰু ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে এই সন্দৰ্ভত আলোচনা অব্যাহত আছে। তেওঁ স্পষ্ট কৰি দিয়ে যে নিৰ্বাচনী আচৰণ বিধি বলবৎ নোহোৱালৈকে বিজেপিৰ সৈতে তেওঁলোকৰ মিত্ৰতা অব্যাহত থাকিব। অৱশ্যে আসন ভাগ-বতৰাক লৈ কেৱল বিজেপি নহয়, আন দলৰ সৈতেও তেওঁলোকে যোগাযোগ চলাই থকা বুলি তেওঁ সদৰী কৰে।

ইফালে মিত্ৰতাৰ আলোচনা বিফল হ’লে দলটোৱে অকলশৰে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈও কুণ্ঠাবোধ নকৰে বুলি প্ৰমোদ বড়োৱে হুংকাৰ দিয়ে। ২০২০ চনৰ বড়ো শান্তি চুক্তিৰ পাছত এক শক্তিশালী ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছিল ইউপিপিএলে। অৱশ্যে শেহতীয়া বিটিচি নিৰ্বাচনত দলটোৱে বিপিএফৰ ওচৰত পৰাজিত হয়। আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৱে ৰাজ্যিক পৰ্যায়ত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বিচাৰিছে বুলি এই মন্তব্যই নিৰ্বাচনৰ পূৰ্বে ইংগিত বহন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *