বড়োভূমিত পূৰ্ণ গতিত বাজি উঠিছে ৰণ দামামা । তাৰ মাজতে পৰিষদীয় নিৰ্বাচনৰ বাবে একাধিক বিধায়কৰ নাম অন্তৰ্ভুক্তিৰে ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপিএলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ৷ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে বৃহস্পতিবাৰে নিশা প্ৰকাশ কৰিছে ১৮ জনীয়া প্ৰাৰ্থীৰ নামেৰে প্ৰথমখন তালিকা ।আগন্তুক বিটিচি নিৰ্বাচন উপলক্ষে কোকৰাঝাৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে নিশা ১১:৩০ বজাত আয়োজিত এক সংবাদমেলযোগে ইউপিপিএল দলৰ প্ৰথমখন ১৮ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰে । ইউপিপিএল দলৰ কাৰ্যকাৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে তালিকাখন ঘোষণা কৰে । প্ৰথমখন প্ৰাৰ্থী তালিকাত ইউপিপিএল দলৰ বহু ৰথী-মহাৰথীয়ে স্থান পাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *