দলীয় নেতৃত্বৰ মাজত সৃষ্টি হোৱা শীতল যুদ্ধই পুনৰ অস্বস্তিত পেলাইছে কংগ্ৰেছৰ কেন্দ্ৰীয় সমিতিক। শেহতীয়াকৈ এক ৰাজহুৱা অনুষ্ঠানত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কৰা আওকাণৰ পাছতেই দলৰ জ্যেষ্ঠ সাংসদ শশী থাৰুৰে নিৰ্বাচনী কৌশল নিৰ্ধাৰণৰ বাবে আহ্বান কৰা এখন গুৰুত্বপূৰ্ণ বৈঠক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত কেৰালাৰ জ্যেষ্ঠ নেতাসকলৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত নিৰ্বাচনী ৰণনীতি সন্দৰ্ভত আলোচনা কৰাৰ কথা আছিল।

জানিব পৰা মতে, যোৱা ১৯ জানুৱাৰীত কোচীত অনুষ্ঠিত ‘মহা পঞ্চায়ত’ত ৰাহুল গান্ধীয়ে থাৰুৰক সম্বোধন নকৰাৰ লগতে তেওঁৰ উপস্থিতিকো গুৰুত্ব নিদিয়াত ৪ বাৰৰ সাংসদগৰাকী মৰ্মাহত হৈছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ’ত ৰাহুল গান্ধীয়ে থাৰুৰক আওকাণ কৰি আন নেতাসকলৰ সৈতে বাৰ্তালাপ কৰা স্পষ্টকৈ দেখা গৈছিল।

অৱশ্যে কংগ্ৰেছৰ একাংশ নেতাই এই বাতৰি অস্বীকাৰ কৰি দাবী কৰিছে যে পূৰ্বৰ নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবেহে থাৰুৰ বৈঠকত উপস্থিত থাকিব নোৱাৰিলে। ইফালে, দীৰ্ঘদিন ধৰি দলীয় নেতৃত্বৰ সৈতে সংঘাতত লিপ্ত থকা থাৰুৰে এই সময়ছোৱাত কেৰালা সাহিত্য মহোৎসৱত অংশ ল’ব বুলিহে খবৰ পোৱা গৈছে।

উল্লেখযোগ্য যে মোদী চৰকাৰৰ কেতবোৰ পদক্ষেপক সমৰ্থন কৰি আৰু “ৰাজবংশীয় ৰাজনীতি”ক সমালোচনা কৰি থাৰুৰে আগতেও বহুবাৰ কংগ্ৰেছ হাইকামাণ্ডৰ ৰোষত পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *