ন্যায়ালয়ৰ এটা সিদ্ধান্তই যেতিয়া এজন জঘন্য অপৰাধীক মুকলি আকাশৰ তললৈ অহাৰ সুযোগ দিয়ে, তেতিয়া বিচাৰ ব্যৱস্থাৰ ওপৰত সাধাৰণ ৰাইজে হেৰুৱায় পেলায় আস্থা। আজি তাৰেই প্ৰতিচ্ছবি স্পষ্ট হৈ পৰিল দিল্লীৰ ৰাজপথত। উন্নাও ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তথা বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰক দিল্লী উচ্চ ন্যায়ালয়ে চৰ্তসাপেক্ষ জামিন প্ৰদান কৰাক কেন্দ্ৰ কৰি আজি আদালতৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। প্ৰতিবাদকাৰীসকলে বিচাৰকৰ এই সিদ্ধান্তৰ বিৰুদ্ধে শ্লোগান দি আকাশ-বতাহ কঁপাই তোলে। ভুক্তভোগী যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালে চেংগাৰৰ জামিনক লৈ চৰম শংকা আৰু ক্ষোভ প্ৰকাশ কৰিছে। ভুক্তভোগীৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকৰ এতিয়া উচ্চ ন্যায়ালয়ৰ ওপৰত কোনো ভৰসা নাই। তেওঁলোকে ন্যায় বিচাৰি এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব। যদি তাতো ন্যায় পোৱা নাযায়, তেন্তে তেওঁলোকে দেশ ত্যাগ কৰিবলৈকো সাজু বুলি মন্তব্য কৰে। আনহাতে, ভুক্তভোগী যুৱতীগৰাকীয়ে জনাইছে যে চেংগাৰ এজন প্ৰভাৱশালী লোক আৰু তেওঁ কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ পাছত তেওঁলোকৰ জীৱন এতিয়া চৰম নিৰাপত্তাহীনতাত পৰিব। প্ৰতিবাদস্থলীত উপস্থিত থকা মহিলা অধিকাৰ কৰ্মী যোগিতা ভয়ানাই কয় যে এজন ধৰ্ষণকাৰীৰ শাস্তি স্থগিত ৰখাৰ সিদ্ধান্তই সমগ্ৰ দেশৰ মহিলাসকলক আঘাত দিছে। প্ৰতিবাদকাৰীসকলে প্ৰশ্ন উত্থাপন কৰিছে যে যিজন ব্যক্তিয়ে ধৰ্ষণ আৰু হত্যাৰ দৰে গুৰুতৰ অপৰাধ সংঘটিত কৰিছে, তেওঁক কিহৰ ভিত্তিত জামিন দিয়া হ’ল? আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ চেষ্টা কৰে আৰু তাৰ পৰা আঁতৰি যাবলৈ ৫ মিনিটৰ সময়সীমা বান্ধি দিয়ে। উল্লেখ্য যে, ২০১৯ চনৰ ডিচেম্বৰত ২০১৭ চনৰ সেই জঘন্য ধৰ্ষণ কাণ্ডৰ বাবে চেংগাৰক আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছিল। যদিও আদালতে তেওঁক ভুক্তভোগীৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰলৈ আহিবলৈ বাধা দিছে, তথাপিও ভুক্তভোগীৰ পৰিয়ালে শংকিত হৈ আছে। যুৱতীগৰাকীৰ মতে, ২০১৯ চনৰ সেই ভয়ংকৰ দুৰ্ঘটনাটো চেংগাৰে নিজে কৰা নাছিল, বৰঞ্চ তেওঁৰ গুণ্ডাবাহিনীৰ দ্বাৰাহে কৰাইছিল। এতিয়া তেওঁ কাৰাগাৰৰ পৰা ওলাই অহাটোৱে তেওঁলোকৰ বাবে মৃত্যুৰ চমন কঢ়িয়াই আনিব পাৰে বুলি তেওঁলোকে অভিযোগ কৰিছে। Share this:FacebookX Related Post navigation ১৭ বছৰীয়া নিৰ্বাসনৰ অন্তত দেশলৈ উভতিল তাৰেক ৰহমানঃ বাংলাদেশত ঐক্য আৰু শান্তিৰ আহ্বান অৰ্গেনিক ইণ্ডিয়া কৃষক সম্প্ৰদায়ক সন্মান জনাই কিষান দিৱস উদযাপন কৰিছে