দেশৰ ৰাজনৈতিক মহলত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ২০২০ চনৰ দিল্লী হিংসাৰ অভিযুক্ত উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ দীৰ্ঘদিনীয়া কাৰাবাসৰ বিষয়টো। অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিনৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে বৃহস্পতিবাৰে এই কাৰাবাসৰ বাবে কংগ্ৰেছ দলক পোনপটীয়াকৈ দোষাৰোপ কৰে। ওৱাইছিৰ মতে, কংগ্ৰেছ চৰকাৰৰ দিনতে কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে পি চিদাম্বৰমে ‘ইউএপিএ’ আইনত কৰা কঠোৰ সংশোধনীৰ বাবেই আজি খালিদ আৰু ইমামৰ দৰে সক্ৰিয় কৰ্মীয়ে বিনা বিচাৰে জেলত দিন কটাবলগীয়া হৈছে।

এক সংবাদ সংস্থাৰ আগত ওৱাইছিয়ে কয়, “উচ্চতম ন্যায়ালয়ে দুই বিচাৰাধীন অভিযুক্তক জামিন নিদিলে আৰু উচ্চতম ন্যায়ালয়ে ইয়াৰ কাৰণ ব্যাখ্যা কৰিছে। ইউপিএ চৰকাৰৰ সময়ত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন সংশোধন কৰা হৈছিল আৰু সন্ত্ৰাসবাদৰ সংজ্ঞা অন্তৰ্ভুক্ত কৰা হৈছিল।” ওৱাইছিৰ অভিযোগ অনুসৰি, ইউএপিএ আইনৰ ৪৩-ডি ধাৰাৰ অধীনত অভিযোগনামা দাখিল নকৰাকৈ ১৮০ দিন পৰ্যন্ত আটক কৰি ৰখাৰ সুবিধা লৈ সংখ্যালঘুসকলক নিয়মীয়াকৈ হাৰাশাস্তি কৰা হয়। তেওঁ লোকসভাত দিয়া পুৰণি ভাষণৰ উদ্ধৃতি দি কয়, “মই সম্পূৰ্ণ আত্মবিশ্বাসেৰে ক’ব পাৰো যে যিবোৰ ক্ষেত্ৰত সংখ্যালঘুসকলক গ্ৰেপ্তাৰ কৰা হয়, সেই ১০০ শতাংশ গোচৰতে তেওঁলোকক অভিযোগনামা অবিহনে ১৮০ দিন ধৰি আটক কৰি ৰখা হ’ব।”

উল্লেখ্য যে, যোৱা ৫ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে দিল্লী হিংসাৰ মূল ষড়যন্ত্ৰৰ গোচৰত অভিযুক্ত উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচ কৰে। ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু এন ভি আঞ্জাৰিয়াৰ বিচাৰপীঠে জানিবলৈ দিয়ে যে অভিযুক্ত দুজনৰ বিৰুদ্ধে থকা অপৰাধৰ গুৰুত্ব আৰু ষড়যন্ত্ৰত তেওঁলোকৰ কেন্দ্ৰীয় ভূমিকাক লৈ থকা প্ৰাথমিক প্ৰমাণৰ ভিত্তিত তেওঁলোকক এই পৰ্যায়ত ৰেহাই দিব পৰা নাযায়। কেৱল দীৰ্ঘদিনীয়া কাৰাবাসেই জামিন লাভৰ একমাত্ৰ কাৰণ হ’ব নোৱাৰে বুলিও আদালতে মন্তব্য কৰে।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, খালিদ আৰু ইমামৰ বিৰুদ্ধে থকা তথ্য-প্ৰমাণসমূহ অন্য অভিযুক্তৰ তুলনাত গুণগতভাৱে পৃথক। উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছে যে গোচৰটোৰ পৰিকল্পনা আৰু কৌশলগত দিশত তেওঁলোকৰ প্ৰাথমিক ভূমিকা থকাৰ কথা প্ৰমাণিত হৈছে। ওৱাইছিয়ে পুনৰ কয়, “মই কৈছিলোঁ যে সত্য আৰু আশাৰ মাজত এক বিশাল পাৰ্থক্য আছে। ইউনিফৰ্ম পিন্ধা মানুহজনৰ মনত এক ধৰণৰ ঘৃণা থাকে। মই কৈছিলোঁ যে মুছলিম আকলিয়াতৰ মতে এয়া এক সত্য।”

Leave a Reply

Your email address will not be published. Required fields are marked *