মহিলা বিশ্বকাপ বিজয়ী দলত স্থান লাভ কৰি সমাদৃত উমা আহি পালে জন্মভূমি অসম । বৰঝাৰত আদৰিবলৈ নগ’ল ৰজাঘৰীয়া ।বিমান বন্দৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আদৰণি জনাই যদিও বিশ্ব জয় কৰি উভতি অহা উমা ছেত্ৰীক আদৰণি জনাবলৈ আহৰি নাপালে চৰকাৰী পক্ষৰ কোনো লোকে । আনকি অসম ক্ৰিকেট সন্থাৰ মাত্ৰ এজন লোক উপস্থিত হৈ ডিঙিত গামোচা দিয়েই সামৰিলে দায়িত্ব ।সকলোকে ধন্যবাদ জ্ঞাপন কৰি উমাই কয়, “খুবেই ভাল লাগিছে, ইমান ধুনীয়াকৈ আদৰণি জনোৱাৰ বাবে । অসম ক্ৰিকেট সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাক ধন্যবাদ । প্ৰথমবাৰ মই এনেকে লগ পাইছোঁ তেওঁলোকক । মোৰ প্ৰশিক্ষণৰ সময়ত সহায় কৰা সকলোৰে নাম ল’লে বহুত দীঘল হৈ যাব, আটাইকে মই ধন্যবাদ জনাইছোঁ । অসম ক্ৰিকেট সন্থা, যিয়ে মোক সদায় সহায় কৰি আহিছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ ।”

Leave a Reply

Your email address will not be published. Required fields are marked *