টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বঁটা ঘোষণা কৰে। এক সংবাদমেলত তেওঁলোকে ঘোষণা কৰে যে ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বৰফুকন বঁটাৰ বাবে ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰাক্তন সঞ্চালক প্ৰধান ড৹ কে. চি. নৌৰীয়ালক নিৰ্বাচিত কৰা হৈছে। চৰাইদেউৰ মৈদাম স্থলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাভূক্ত কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াত গাইড হিচাপে ড্ৰছিয়াৰ প্ৰস্তুত কৰাকে ধৰি যাৱতীয় নীতি আৰু পৰিকল্পনা প্ৰস্তুত কৰি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত পালন কৰা মূখ্য ভূমিকাৰ বাবে ড৹ কে.ছি. নৌৰীয়ালক ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি সংবাদ মেলত টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে জানিবলৈ দিয়ে। এই বঁটা অহা ২৪ নবেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰী স্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানত ড৹ নৌৰীয়ালক প্ৰদান কৰা হব। এই বঁটাত এখন হেংদান, এজোৰ টাই আহোম পৰম্পৰাগত সাজ, প্ৰশস্তি পত্ৰ, স্মাৰক আদি প্ৰদান কৰা হ’ব। Share this:FacebookX Related Post navigation ২৫ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন অস্কাৰ ২০২৫-ৰ চুটি ছবিৰ বাবে নিৰ্বাচিত চানফ্লাৱাৰ ৱাৰ দ্য ফাৰ্ষ্ট ৱান্স টু নো”