মণিপুৰৰ সেনাপতি জিলাৰ টি খুলেন নাকা তালাচী চকীত কালি বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ত্ৰিপুৰাৰ দুজন লোকক। ধৃত লোক দুজন ত্ৰিপুৰাৰ ধৰ্মনগৰৰ সত্যেন্দ্ৰ নাথ (৩৮) আৰু সুদীপ পাল (৪২) বুলি চিনাক্ত কৰা হৈছে। সেনাপতি আৰক্ষী থানাৰ অন্তৰ্গত এই তালাচী চকীত নিয়মীয়া পৰীক্ষা চলাই থকাৰ সময়তে তেওঁলোকৰ জিম্মাৰ পৰা প্ৰায় ১.২২০ কিলোগ্ৰাম সন্দেহযুক্ত ডব্লিউ ৱাই টেবলেট (এম্ফেটামিন) জব্দ কৰে নিৰাপত্তাবাহিনীয়ে।

আৰক্ষীয়ে ড্ৰাগছখিনিৰ লগতে এখন এএছ ০১ ডিএন ৩৭১৭ নম্বৰৰ ৰঙা ৰঙৰ হুণ্ডাই আই-২০ বাহনো জব্দ কৰিছে। ইয়াৰ উপৰি তেওঁলোকৰ পৰা চাৰিটা ম’বাইল ফোন, এখন আধাৰ কাৰ্ড আৰু এখন ড্ৰাইভিং লাইচেন্স উদ্ধাৰ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে এই আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৰ সৈতে আন কোনো জড়িত আছে নেকি, সেই দিশটো পৰীক্ষা কৰিছে।

আন এক পৃথক ঘটনাত, ইম্ফল পূব জিলাৰ হেইগাং আৰক্ষী থানাৰ অন্তৰ্গত অহাল্লুপ মাখা লেইকাইৰ পৰা নিৰাপত্তাবাহিনীয়ে গ্ৰেপ্তাৰ কৰে আন ছয়জন লোকক। সান্ধ্য আইন উলংঘা কৰাৰ লগতে আৰক্ষীৰ কৰ্তব্যত বাধা প্ৰদান আৰু মাৰপিটৰ চেষ্টা চলোৱাৰ অভিযোগত তেওঁলোকক জিম্মাত লোৱা হয়। ধৃত লোককেইজনে আৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি নিবলৈও চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।

ৰাজ্যখনত চলি থকা উত্তপ্ত পৰিস্থিতিৰ মাজতে নিৰাপত্তাবাহিনীয়ে বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহত তালাচী আৰু তহলদাৰী অভিযান তীব্ৰতৰ কৰি তুলিছে। অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ সমগ্ৰ মণিপুৰত বৰ্তমান ১১১ টা নাকা তালাচী চকী স্থাপন কৰা হৈছে। পাহাৰ আৰু ভৈয়াম— উভয় অঞ্চলতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে চোকা নজৰ ৰখা হৈছে যাতে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি নিমিষতে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *