বেংগালুৰুৰ জগজীৱন ৰাম নগৰত দেওবাৰে নিশা এক ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত একাংশ দুষ্কৃতিকাৰীয়ে ভক্তসকলৰ ওপৰত শিলাবৰ্ষণ কৰাৰ ঘটনাই চেপা উত্তেজনাৰ সৃষ্টি কৰিছে। ওম শক্তি মন্দিৰৰ পৰা ওলোৱা ৰথযাত্ৰাৰ সময়ত এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে এই শিলবৰ্ষণৰ ফলত ৰথ টানি থকা দুগৰাকী শিশুৰ মূৰত গুৰুতৰ আঘাত লাগে।

এই ঘটনাৰ পিছতে ক্ষুব্ধ ভক্তসকলে জগজীৱন ৰাম নগৰ আৰক্ষী থানাত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অভিযুক্তক শীঘ্ৰে চিনাক্ত কৰি কৰায়ত্ত কৰাৰ দাবী উত্থাপন কৰে।

ভক্তসকলৰ অভিযোগ অনুসৰি উক্ত অঞ্চলত পূৰ্বেও অনুৰূপ ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ইতিমধ্যে এজাহাৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে।

ইফালে পৰিস্থিতিৰ বুজ লবলৈ পশ্চিম ডিভিজনৰ উপ-আৰক্ষী আয়ুক্ত যতীশ এন বি ই আৰক্ষী থানা ভ্ৰমণ কৰে। বৰ্তমান অঞ্চলটোত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ আছে আৰু দুষ্কৃতিকাৰীৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *