টিভিএছ মটৰ কোম্পানীয়ে ২০২৬ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত এতিয়ালৈকে সৰ্বাধিক ত্ৰৈমাসিক বিক্ৰী, ৰাজহ আৰু লাভ অৰ্জন কৰাৰ কথা সদৰি কৰিছে, যিয়ে সমগ্ৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰবল চাহিদাৰ কথা প্ৰতিফলিত কৰিছে। ২০২৫ চনৰ ডিচেম্বৰ মাহত সমাপ্ত হোৱা ত্ৰৈমাসিকৰ বাবে কোম্পানীটোৰ পৰিচালনা ৰাজহ ৩৭ শতাংশ বৃদ্ধি পাই ১২,৪৭৬ কোটি টকা হৈছেগৈ। যোৱা বছৰৰ সংশ্লিষ্ট ত্ৰৈমাসিকত এই পৰিমাণ আছিল ৯,০৯৭ কোটি টকা।

অপাৰেটিং এবিটডা ৫১ শতাংশ বৃদ্ধি পাই ১,৬৩৪ কোটি টকাৰ বিপৰীতে এবিটডা ব্যৱধান উন্নত হৈ অভিলেখ সংখ্যক ১৩.১ শতাংশলৈ বৃদ্ধি পাইছে। ব্যতিক্ৰমী সামগ্ৰীৰ বাদে কৰৰ পূৰ্বে লাভ (পিবিটি) ৫৭ শতাংশ বৃদ্ধি পাই এই ত্ৰৈমাসিকত ১,৩১৫ কোটি টকা হৈছেগৈ। আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়কে ধৰি সামগ্ৰিকভাৱে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ বিক্ৰী ২৭ শতাংশ বৃদ্ধি পাই সৰ্বকালৰ সৰ্বোচ্চ ১৫.৪৪ লাখ হৈছে। মটৰ চাইকেলৰ বিক্ৰী ৩১ শতাংশ, স্কুটাৰৰ বিক্ৰী ২৫ শতাংশ বৃদ্ধি, তিনিচকীয়া বাহনৰ বিক্ৰী দুগুণতকৈও অধিক বৃদ্ধি পাইছে। বৈদ্যুতিক বাহনৰ বিক্ৰীও অভিলেখ সংখ্যক ১.০৬ লাখ ইউনিট স্পৰ্শ কৰি বছৰি ৪০ শতাংশ বৃদ্ধি পাইছে।

২০২৫ চনৰ ডিচেম্বৰ মাহত সমাপ্ত হোৱা ৯ মাহৰ পৰিচালনা ৰাজহ ৩৪,৪৬৩ কোটি টকা, যি ২৯ শতাংশ বৃদ্ধি আৰু পিবিটি ৪৩ শতাংশ বৃদ্ধিৰে ৩,৫৯৪ কোটি টকা আৰু পেট ২,৬২৫ কোটি টকা হৈছেগৈ। গুৱাহাটীৰ ডিলাৰসমূহে স্কুটাৰ, মটৰ চাইকেল আৰু ইভিৰ চাহিদা নিৰন্তৰ বৃদ্ধি লক্ষ্য কৰিছে, যি বৰ্ধিত নগৰীয়া গতিশীলতাৰ প্ৰয়োজনীয়তা আৰু বৈদ্যুতিক দুচকীয়া বাহনৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহৰ ফলত এই ৰূপৰেখা পোৱা গৈছে। উন্নত বিত্তীয় বিকল্প আৰু চাৰ্জিং আন্তঃগাঁথনি সম্প্ৰসাৰণে অসমৰ ৰাজধানী চহৰ আৰু সমীপৰ অঞ্চলত টিভিএছ মটৰৰ বজাৰ স্থান আৰু অধিক শক্তিশালী কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *