টিভিএছ মটৰ কোম্পানীয়ে সমগ্ৰ ভাৰতত নিজৰ বাণিজ্যিক গতিশীলতা গ্ৰাহকসকলৰ বাবে খুচুৰা বিত্তীয় বিকল্প সম্প্ৰসাৰণ কৰিবলৈ মানবা ফাইনেন্স লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিখনে টিভিএছ যাত্ৰী আৰু কাৰ্গো তিনিচকীয়া বাহনৰ সম্পূৰ্ণ ৰেঞ্জক সামৰি লৈছে, য’ত আভ্যন্তৰীণ দহন ইঞ্জিন(কম্বাষ্টন ইঞ্জিন) আৰু ইলেক্ট্ৰিক মডেল দুয়োটাকে সামৰি লোৱা হৈছে আৰু ইয়াৰ লক্ষ্য হৈছে ক্ষুদ্ৰ ব্যৱসায় আৰু বাহন অপাৰেটৰৰ বাবে বাহনৰ মালিকীস্বত্ব সহজ আৰু অধিক সুলভ কৰি তোলা। এই অংশীদাৰিত্বৰ অধীনত মানবা ফাইনেন্সে প্ৰতিযোগিতামূলক পুঁজি আঁচনি আৰু দ্ৰুত ঋণ প্ৰচেছিঙৰ সৈতে ইএমআই-আধাৰিত ঋণ সমাধান প্ৰদান কৰিব। কোম্পানীসমূহে কয় যে, এই পদক্ষেপে বিশেষকৈ গ্ৰাম্য আৰু অৰ্ধ নগৰীয়া অঞ্চলত গঠনমূলক বিত্তৰ সুযোগ-সুবিধা উন্নত কৰিব বুলি আশা কৰা হৈছে, যি অন্তিম মাইলৰ উদ্যোগী আৰু ডেলিভাৰী অপাৰেটৰসকলক সমৰ্থন কৰিব। গ্ৰাহকসকলে কম ডাউন পেমেণ্টৰ বিকল্পৰ দ্বাৰা যথেষ্ট লাভান্বিত হ’ব আৰু বিবিধ বিত্তীয় অফাৰৰ জৰিয়তে মাহিলী কিস্তিও হ্ৰাস পাব। উত্তৰ-পূৰ্বাঞ্চলত গুৱাহাটীক বাণিজ্যিক তিনিচকীয়া বাহনৰ বাবে এক গুৰুত্বপূৰ্ণ বৃদ্ধিৰ কেন্দ্ৰ হিচাপে সকলোৱে লক্ষ্য কৰিছে। ক্ষুদ্ৰ ব্যৱসায়ী, পৰিবহণকাৰী গোট আৰু শেষ মাইলৰ ডেলিভাৰী ব্যৱসায়ৰ বৃহৎ চাহিদা আছে, সেয়েহে সহজ বিত্তীয় সাহায্যই অধিক বাহন ক্ৰয়ত সহায় কৰিব বুলি আশা কৰা হৈছে। ডিলাৰসমূহে কয় যে, এই সহযোগিতাই গুৱাহাটীত প্ৰথমবাৰৰ বাবে বাহন ক্ৰয় কৰিব বিচৰা বহু লোকক সহায় কৰিব পাৰে, যিসকলে সুলভ মূল্যৰ ইএমআই বিকল্পৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ জীৱিকা আৰম্ভ বা সম্প্ৰসাৰণ কৰিব পাৰে। টিভিএছ মটৰ কোম্পানীৰ বাণিজ্যিক গতিশীলতাৰ ব্যৱসায়িক মুৰব্বী ৰজত গুপ্তাই এই বিষয়ে কয় যে, এই সহযোগিতাই কোম্পানীটোৰ বাণিজ্যিক গতিশীলতা পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ লগতে গ্ৰাহকসকলৰ লাভালাভ উন্নত কৰাত সহায় কৰিব। মানবা ফাইনেন্সৰ পৰিচালন সঞ্চালক মনীষ শ্বাহে এই বিষয়ে সদৰি কৰি কয় যে, এই অংশীদাৰিত্ব কোম্পানীটোৱে তিনিচকীয়া বাহন বিত্তীয় ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰা আৰু স্বচ্ছ গতিশীলতা সেৱাসমূহক সমৰ্থন কৰাৰ পৰিকল্পনাৰ সৈতে সংগতি ৰাখে। কোম্পানীসমূহে কয় যে, এই পদক্ষেপে সুগম্যতা, ব্যয়সাধ্যতা আৰু দীৰ্ঘম্যাদী গ্ৰাহক বিকাশৰ ওপৰত গুৰুত্ব দিয়া এক শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে টিভিএছ মটৰৰ কৌশলক শক্তিশালী কৰিব। Share this:FacebookX Related Post navigation অসমত হিজবুল মুজাহিদিনৰ মডিউল গঢ়াৰ অপৰাধঃ কামৰুজ জামানক যাৱজ্জীৱন কাৰাদণ্ড নৱবৰ্ষ উদ্যাপন মুহূৰ্ততে শোক: চুইজাৰলেণ্ডত বিস্ফোৰণত কঁপিল দেশ, বহু হতাহত হোৱাৰ আশংকা