আমেৰিকা-ইজৰাইলৰ ইৰাণ আক্ৰমণত সহযোগিতা নকৰা দেশসমূহক লৈ এইবাৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। মঙলবাৰে এক কঠোৰ হুংকাৰ দি ট্ৰাম্পে কয় যে যিবোৰ দেশে এই যুদ্ধত আমেৰিকাক সহায় কৰা নাই, তেওঁলোকে হয় আমেৰিকাৰ পৰা তেল কিনিব লাগিব নতুবা হৰমুজ প্ৰণালীৰ পৰা নিজাববীয়াকৈ তেল “কাঢ়ি আনিব” লাগিব। ট্ৰাম্পৰ এই মন্তব্যই এতিয়া বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইৰাণৰ বিৰুদ্ধে চলি থকা এমহীয়া যুদ্ধই বিশ্বৰ তেল বজাৰত জোকাৰণি সৃষ্টি কৰাৰ সময়তে ট্ৰাম্পে তেওঁৰ ‘ট্ৰুথ ছচিয়েল’ৰ পোষ্টৰ জৰিয়তে ব্ৰিটেইন আৰু ফ্ৰান্সক তীব্ৰ সমালোচনা কৰে। আমেৰিকাৰ এই অভিযানত অংশ লবলৈ অস্বীকাৰ কৰা দেশসমূহক লক্ষ্য কৰি ট্ৰাম্পে কয়, “যিবোৰ দেশে হৰমুজ প্ৰণালী বন্ধ হোৱাৰ বাবে জেট ইন্ধন পোৱা নাই, তেওঁলোকলৈ মোৰ পৰামৰ্শ- ১ নম্বৰ, আমেৰিকাৰ পৰা তেল কিনক কাৰণ আমাৰ ওচৰত পৰ্যাপ্ত মজুত আছে; আৰু ২ নম্বৰ, অলপ সাহস গোটাই হৰমুজ প্ৰণালীলৈ যাওক আৰু যুঁজ দি তেল দখল কৰি আনক।” ইউৰোপীয় দেশসমূহক কঠোৰ ভাষাৰে আক্ৰমণ কৰি ট্ৰাম্পে কয়, “আমেৰিকাই আপোনালোকক আৰু সহায় নকৰে, যিদৰে আপোনালোকেও আমাৰ প্ৰয়োজনৰ সময়ত সহায় কৰা নাছিল। কঠিন কামবোৰ ইতিমধ্যে আমেৰিকাই শেষ কৰিছে, এতিয়া আপোনালোকে নিজৰ তেল নিজে সংগ্ৰহ কৰক।” বিশেষকৈ ইজৰাইললৈ সামৰিক সঁজুলি কঢ়িয়াই নিয়া বিমানক ফ্ৰান্সে নিজৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিবলৈ নিদিয়া কাৰ্যক লৈ ট্ৰাম্পে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। উল্লেখ্য যে ইৰাণে হৰমুজ প্ৰণালীৰে হোৱা তেল পৰিবহণ বন্ধ কৰি দিয়াৰ ফলত বিশ্বজুৰি ইন্ধনৰ মূল্য আকাশলংঘী হৈ পৰিছে। এনে সংকটপূৰ্ণ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই “আমেৰিকা ফাৰ্ষ্ট” নীতিয়ে মিত্ৰশক্তিৰ দেশসমূহৰ সৈতে থকা সম্পৰ্কত অধিক ফাট মেলিব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে। আমেৰিকা-ইজৰাইল বনাম ইৰাণৰ এই যুদ্ধই এতিয়া এক নতুন ভূ-ৰাজনৈতিক মোৰ লৈছে। Share this:FacebookX Related Post navigation ৰাছিয়াত বিমান দুৰ্ঘটনাত ২৯ জনৰ কৰুণ মৃত্যু, পাহাৰত খুন্দা মাৰিলে বিমান জয়পুৰৰ বিখ্যাত পংকী নামৰ হাতীটোৰ কৰুণ মৃত্যু; ভাইৰেল ফটোশ্বুটৰ বাবে গাত ৰং সানি নিৰ্যাতন চলোৱাৰ অভিযোগ