ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক পুনৰ সকীয়াই দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ট্ৰাম্পে কয়, যদিহে ৰাছিয়াই ১৫ আগষ্টত আলাস্কাত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পিছত ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ সন্মত নহয় তেন্তে ইয়াৰ ‘অতি ভয়াৱহ পৰিণতি’ হ’ব ।সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ট্ৰাম্পে কয় যে ইয়াৰ পৰিণতি ভোগ কৰিব লাগিব । পৰিণতি অতি ভয়াৱহ হ’ব ।
ট্ৰাম্পে কয়, “যদি প্ৰথমখন বৈঠক ঠিকে-ঠাকে সম্পন্ন হয়, তেন্তে শীঘ্ৰে আমাৰ দ্বিতীয়খন বৈঠকো অনুষ্ঠিত হ’ব । মই এইটো যিমান পাৰি সোনকালে হোৱাটো বিচাৰিম । যদি তেওঁলোকে বিচাৰে, তেন্তে মই ৰাষ্ট্ৰপতি পুটিন আৰু জেলেনস্কিৰ সৈতে অতি সোনকালে দ্বিতীয় বৈঠকত মিলিত হোৱাটো বিচাৰিম ।”উল্লেখ্য যে দুয়োপক্ষৰ নেতাসকলে ১৫ আগষ্টত আলাস্কাৰ এংকৰেজৰ যৌথ ঘাটি এলমেনডৰ্ফ-ৰিচাৰ্ডছনত ইউক্ৰেইন যুদ্ধৰ সম্ভাৱ্য যুদ্ধবিৰতিৰ বিষয়ে আলোচনাত মিলিত হোৱাৰ কথা আছে ।

শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া এই শীৰ্ষ সন্মিলন চাৰি বছৰতকৈও অধিক সময়ৰ ভিতৰত আমেৰিকা আৰু ৰাছিয়াৰ নেতাসকলৰ মাজত ব্যক্তিগতভাৱে অনুষ্ঠিত প্ৰথমখন বৈঠক হ’ব । যদি এই প্ৰথমখন বৈঠক ভালদৰে অনুষ্ঠিত হয়, তেন্তে অতি সোনকালে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে, য’ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিও জড়িত হ’ব পাৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *