ৰাজপথত ঘূৰি ফুৰা গৰু-মহ আৰু অঘৰী কুকুৰৰ অবাধ বিচৰণে এতিয়া দেশৰ সাধাৰণ জনতাৰ লগতে শীৰ্ষ আদালতৰ ন্যায়াধীশসকলৰ নিৰাপত্তাৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথৰ বিচাৰপীঠত এই সংক্ৰান্তীয় এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। শুনানিৰ আৰম্ভণিতে আদালতে অত্যন্ত উদ্বেগ প্ৰকাশ কৰি জনায় যে যোৱা ২০ দিনৰ ভিতৰত ৰাজস্থানত অঘৰী পশুৰ বাবে দুজন ন্যায়াধীশ ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হৈছে। ইয়াৰে এগৰাকী ন্যায়াধীশ বৰ্তমান মেৰুদণ্ডৰ গুৰুতৰ আঘাতৰ সৈতে যুঁজি থকা বুলি আদালতে অতি আক্ষেপেৰে সদৰী কৰে।

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দাখিল কৰা তথ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আদালতে কয় যে প্ৰাধিকৰণে চিনাক্ত কৰা ১৪০০ কিলোমিটাৰ স্পৰ্শকাতৰ পথত গৰু-মহৰ প্ৰৱেশ ৰোধ কৰিবলৈ কিয় স্থায়ী ফেন্সিং লগোৱা হোৱা নাই। আনহাতে, আদালতক সহায় কৰা এমিকাছ কিউৰীয়ে জনায় যে উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু কৰ্ণাটকৰ দৰে ৰাজ্যই এতিয়ালৈকে অঘৰী পশু নিয়ন্ত্ৰণৰ সন্দৰ্ভত কোনো শপতনামা দাখিল কৰা নাই।

শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা কপিল চিবালে কুকুৰ প্ৰেমীসকলৰ পক্ষ লৈ কয় যে কুকুৰক কেৱল মৰা বা স্থানান্তৰ কৰাই সমস্যাৰ সমাধান নহয়, বৰঞ্চ তেওঁলোকৰ নচন্দকৰণ আৰু টিকাকৰণতহে গুৰুত্ব দিব লাগে। তেওঁ ধেমেলীয়াকৈ কয় যে জীৱ-জন্তুৰ প্ৰতি থকা দয়াৰ বাবেই তেওঁ কুকুৰা মাংস খোৱাও এৰি দিছে।

ইফালে, হাউছিং ছ’চাইটীৰ বাসিন্দাসকলে নিজৰ নিৰাপত্তাৰ স্বাৰ্থত কুকুৰ আঁতৰাবলৈ দাবী জনোৱাৰ বিপৰীতে আবেদনকাৰী বন্দনা জৈনে কয় যে মানুহে কুকুৰৰ আচৰণৰ প্ৰতি সচেতন হোৱা উচিত। আদালতে স্পষ্ট কৰি দিয়ে যে কেৱল কামোৰাই নহয়, যান-বাহনৰ পিছে পিছে কুকুৰ দৌৰাৰ ফলতো বহু দুৰ্ঘটনা ঘটে।

ন্যায়াধীশ জে নাথে কয় যে আদালত এই পৰিস্থিতিৰ সন্দৰ্ভত অৱগত আৰু এতিয়া এক স্থায়ী সমাধান বিচাৰিছে। এই বিষয়ত বৃহস্পতিবাৰেও শুনানি অব্যাহত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *