ডেৰাডুনত বৰ্ণবৈষম্যমূলক মন্তব্যৰ প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ হেৰুওৱা ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক কৰায়ত্ত কৰিবলৈ টিপ্ৰা মোথাৰ মুৰব্বী প্ৰদ্যুৎ কিশোৰ মাণিক্য দেৱবৰ্মাই সোমবাৰে ১০ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে। পশ্চিম ত্ৰিপুৰা জিলাৰ নন্দনগৰৰ নিবাসী তথা এমবিএ চূড়ান্ত বৰ্ষৰ ছাত্ৰগৰাকীক যোৱা ৯ ডিচেম্বৰত এদল লোকে আক্ৰমণ কৰিছিল আৰু ২৬ ডিচেম্বৰত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। প্ৰদ্যুৎ কিশোৰৰ এই ঘোষণা উত্তৰাখণ্ড আৰক্ষীয়ে হত্যাকাৰীৰ তথ্যৰ বাবে ঘোষণা কৰা ২৫,০০০ টকাৰ পুৰস্কাৰৰ প্ৰত্যুত্তৰ হিচাপে আহিছে। এক ভিডিঅ’ বাৰ্তাত টিপ্ৰা মোথাৰ মুৰব্বীগৰাকীয়ে উত্তৰাখণ্ড চৰকাৰৰ পুৰস্কাৰৰ পৰিমাণক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কয়, “মই শুনিলোঁ যে উত্তৰাখণ্ড চৰকাৰে হত্যাকাৰীক ধৰিবলৈ ২৫,০০০ টকা ঘোষণা কৰিছে। এজন এমবিএ ছাত্ৰৰ হত্যাকাৰীক ধৰাৰ মূল্য এয়াই নেকি? মই ঘোষণা কৰিছোঁ যে যিয়ে এঞ্জেল চাকমাৰ হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ তথ্য যোগান ধৰিব, তেওঁক মোৰ ব্যক্তিগত তৰফৰ পৰা ১০ লাখ টকা প্ৰদান কৰা হ’ব। আমাক লৈ ধেমালি নকৰিব।” ইফালে, ত্ৰিপুৰা জনজাতীয় এলেকা স্বায়ত্বশাসিত জিলা পৰিষদেও মৃত ছাত্ৰগৰাকীৰ পৰিয়াললৈ ৩ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণচন্দ্ৰ জামাতিয়াই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে যে প্ৰদ্যুৎ কিশোৰ মাণিক্য দেৱবৰ্মাৰ পৰামৰ্শ অনুসৰি এঞ্জেল চাকমাৰ অন্তিম সংস্কাৰ আৰু পৰিয়ালটোক সহায় কৰিবলৈ এই অনুদান আগবঢ়োৱা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, এই হত্যাকাণ্ডৰ সৈতে জড়িত মুঠ ছয়জন অভিযুক্তৰ ভিতৰত ইতিমধ্যে পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান এই জঘন্য কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডগৰাকী পলাতক অৱস্থাত আছে। টিপ্ৰা মোথাৰ নেতৃত্বই এই শোকাকুল মুহূৰ্তত চাকমা পৰিয়ালৰ সৈতে সংহতি প্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation কাবাডী বিতৰ্ক: ভাৰতীয় দলৰ হৈ খেলাৰ অভিযোগত ওবেদুল্লাহ ৰাজপুতক আজীৱন নিষেধাজ্ঞা যোৱা পাঁচ বছৰত দেশৰ ভিতৰতে দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে অসমক স্বীকৃতি আৰ বি আইৰ