পশ্চিমবংগত বিজেপি শাসনলৈ আহিলে অন্ত পৰিব তৃণমূল কংগ্ৰেছৰ ‘চিণ্ডিকেট ৰাজ’। ৰাজ্যখনৰ নিৰ্বাচনী পৰিৱেশৰ মাজতে শনিবাৰে এই দাবী কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বাঁকুৰা জিলাৰ ছাটনাত এখন বিশাল নিৰ্বাচনী সভাত অংশ লৈ তেওঁ কয় যে ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে চলা অমানৱীয় কাৰ্যত জড়িত প্ৰতিজন দোষীকে কাঠগড়ালৈ অনা হ’ব। এই নিৰ্বাচনত মমতা বেনাৰ্জীৰ চৰকাৰক বিদায় দিয়াৰ সময় সমাগত বুলিও তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভোটাৰৰ সহানুভূতি লাভ কৰিবলৈ ‘ভিক্টিম কাৰ্ড’ খেলি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে। শ্বাহৰ মতে, কেতিয়াবা ভৰিত বা কেতিয়াবা মূৰত বেণ্ডেজ বান্ধি মমতাই ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাই আহিছে। পশ্চিমবংগৰ সচেতন জনসাধাৰণে এইবাৰ তৃণমূলৰ প্ৰলোভনত ভোল নাযায় বুলিও তেওঁ দাবী কৰে। ৰাজ্যখনত গুণ্ডা আৰু অনুপ্ৰৱেশকাৰীৰ শাসন চলি থকা বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছতেই এই অৰাজকতাৰ অন্ত পৰিব।

সত্যজিত ৰায়ৰ কালজয়ী ছবি ‘হিৰক ৰাজাৰ দেশে’ৰ প্ৰসংগ টানি আনি শ্বাহে মমতা বেনাৰ্জীক ‘হিৰক ৰাণী’ বুলি তীব্ৰ কটাক্ষ কৰে। বৰ্তমানৰ চৰকাৰৰ দিনত বালিৰ পৰা চিমেণ্টলৈকে সকলো সামগ্ৰী কিনিবলৈ হ’লে শাসকীয় দলক ‘কাট মানি’ দিবলগীয়া হোৱা কাৰ্যই ৰাইজক অতিষ্ঠ কৰি তুলিছে। আনহাতে মহিলাৰ সুৰক্ষাৰ প্ৰসংগত বিজেপি শাসিত অসমৰ উদাহৰণ দি তেওঁ কয় যে অসমৰ দৰে বংগতো মহিলাসকলে মাজনিশা নিৰ্ভয়ে চলাচল কৰিব পৰা পৰিৱেশ গঢ়ি তোলা হ’ব।

সন্দেশখালি আৰু আৰ জি কৰ হাস্পতালৰ কৰুণ ঘটনাৰ উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বংগত মহিলাৰ ওপৰত চলোৱা নিৰ্যাতনৰ ইতিহাস অতি লজ্জাজনক। তেওঁ আলু খেতিয়কসকলক আশ্বাস দি কয় যে বিজেপি চৰকাৰ আহিলে পশ্চিমবংগৰ উৎপাদন দেশৰ বিভিন্ন প্ৰান্তলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ’ব যাতে কৃষকে উচিত মূল্য লাভ কৰে। উল্লেখযোগ্য যে অহা ২৩ আৰু ২৯ এপ্ৰিলত দুই পৰ্যায়ত পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ঘোষণা কৰা হ’ব ফলাফল।

Leave a Reply

Your email address will not be published. Required fields are marked *