এতিয়া পৱিত্ৰ ভাদ মাহ। এই মাহতে ভগৱান শ্ৰীকৃষ্ণৰ আৰ্বিভাৱ হৈছিল৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ লগতে তেওঁৰ প্ৰিয় শিষ্য মাধৱ দেৱৰো তিথি হোৱা বাবে ৰাজ্যৰ গাওঁ-চহৰ সকলোতে বাপ-আইসকলৰ হৰিনামৰ ধ্বনিত চাৰিওপিনে আধ্যাত্মিক পৰিৱেশ বিৰাজমান৷ সেয়ে অসমীয়া জাতীয় জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ মাহ ভাদমাহৰ তাৎপৰ্য অপৰিসীম বুলি উল্লেখ কৰি সকলোৰে মঙ্গল কামনা কৰাৰ লগতে এই সময়চোৱাত শৃংখলাৱদ্ধ আৰু সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে।

তেওঁ কয় যে গাওঁ-চহৰ সকলোতে নামঘৰ তথা ধৰ্মীয় উপাসনাস্থলী সমূহ যিহেতু পথৰ কাষতে অৱস্থিত সেয়ে যানবাহন ব্যৱহাৰকাৰী সকলে কোনো কাৰণতে যাতে শান্তি-শৃংখলা তথা আধ্যাত্মিক পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰবাবে সকলো সময়তে সতৰ্ক হৈ থাকিব লাগিব। গাওঁ-চহৰ সকলোতে দবা-শংখৰ ধ্বনিৰে আকাশে-বতাহে পৱিত্ৰতা বিৰাজ কৰি অসমখন যেন তীৰ্থভূমিলৈ পৰিণত হোৱাৰ সময়ত সংযমহীনভাৱে বাহন চলাই, বিকট শব্দ প্ৰয়োগ কৰি চৌপাশৰ আধ্যাত্মিকতাৰ পৰিৱেশ বিনষ্ট কৰি কোলাহল সৃষ্টি কৰাৰ বিপৰীতে সকলোৱে যাতে শান্তি-সম্প্ৰতি, পৱিত্ৰতা বজাই ৰাখে তাৰ কাৰণে যানবাহন ব্যৱহাৰকাৰী সকলক কাতৰে আহ্বান জনাইছে পৰিবহণৰ উচ্চপদস্থ বিষয়া গৰাকীয়ে৷

বিশেষকৈ এই সময়চোৱাত কোনোৱে যাতে ৰাগীয়াল দ্ৰব্য সেৱন কৰি বাহন নচলায়, সকলো সময়তে দ্ৰুতগতি পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতীতহে বাহন চলায়, দুচকীয়া বাহনত চালক-আৰোহী উভয়ে আইএছআই চিহ্নযুক্ত হেলমেট আৰু চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট ব্যৱহাৰ কৰে আৰু বাহন চলাওঁতে ম’বাইলত কথা পাতি অনাকাংক্ষিত বিপদ মাতি নানে তাৰবাবে সকলোৰে প্ৰতি  আহ্বান জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *