জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ লাইন অৱ কণ্ট্ৰ’লত (এল অ’ চি) কৰ্তব্য পালন কৰি থকা অৱস্থাতে এগৰাকী ভাৰতীয় সেনা জোৱানৰ মৃত্যু ঘটে। সোমবাৰে সেনাৰ সূত্ৰই জনোৱা অনুসৰি, নায়ক তিলক সিং নামৰ জোৱানগৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। জোৱানগৰাকী কৃষ্ণা ঘাটি ছেক্টৰৰ নাংগী টাক্ৰী অঞ্চলত নিয়োজিত হৈ আছিল।

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে নিশা ১৫ মাৰ্চত কৰ্তব্যত থকা অৱস্থাতে তিলক সিঙক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তাৎক্ষণিকভাৱে তেওঁক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল যদিও চিকিৎসকৰ সকলো প্ৰচেষ্টা বিফল কৰি জোৱানগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। দেশৰ বাবে প্ৰাণ আহুতি দিয়া এই বীৰ জোৱানগৰাকীৰ প্ৰতি সেনাৰ হোৱাইট নাইট কৰ্পছে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

সেনাৰ তৰফৰ পৰা এক শোকবাৰ্তাত কোৱা হৈছে যে নায়ক তিলক সিঙৰ কৰ্তব্যবোধ আৰু সাহস ভাৰতীয় সেনাৰ উজ্জ্বল পৰম্পৰাৰ এক উৎকৃষ্ট নিদৰ্শন। তেওঁৰ এই ত্যাগ আগন্তুক প্ৰজন্মৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব। বৰ্তমান সেনাৰ উচ্চপদস্থ বিষয়াসকলে জোৱানগৰাকীৰ বিয়োগত মৰ্মাহত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *