পথৰ কাষত ৰখাই থোৱা এখন বিবাহ যাত্ৰীৰ বাছত নিয়ন্ত্ৰণহীন ট্ৰাকৰ খুন্দাই নিমিষতে ম্লান কৰি পেলালে বিহাৰ উলাহ। বুধবাৰে গোৱালপাৰাৰ বুধিপাৰাত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাত দৰাৰ ককায়েক আৰু মোমায়েকৰ থিতাতে মৃত্যু ঘটে। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত যান্ত্ৰিক বিজুতিৰ বাবে বাছখন ৰৈ থকাৰ সময়তে পাছফালৰ পৰা অহা মালবাহী ট্ৰাকখনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোক দুজন দৰাৰ ককায়েক ৰবি দাস আৰু মোমায়েক নৰেশ দাস বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ উপৰিও বাছখনত থকা ১০ জনৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি গোৱালপাৰাৰ নিধুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বিয়াৰ বাবে ওলোৱা যাত্ৰীসকলৰ এই আকস্মিক বিয়োগে এতিয়া সমগ্ৰ জিলাখনতে গভীৰ শোকৰ ছাঁ পেলাইছে। Share this:FacebookX Related Post navigation অনলাইন গেমিঙৰ কালৰূপ! গাজিয়াবাদত নৱম মহলাৰ পৰা জঁপিয়াই প্ৰাণ দিলে তিনি ভগ্নীয়ে বিয়াৰ বতৰত বিক্ৰী বৃদ্ধি পাইছে গড্ৰেজৰ হোম লকাৰৰ; বৰ্ধিত নিৰাপত্তাৰ চাহিদা ২০% বৃদ্ধিৰ সম্ভাৱনা