বছৰৰ শেষৰ ছুটীত ফুৰিবলৈ গৈ পশ্চিমবংগৰ নকশালবাৰীৰ কদমা মোৰ অঞ্চলত এক শোকাবহ পথ দুৰ্ঘটনাৰ বলি হ’ল উত্তৰবঙ্গ মেডিকেল কলেজৰ চাৰিগৰাকী চিকিৎসক। দেওবাৰে সংঘটিত এই দুৰ্ঘটনাত এগৰাকী জুনিয়ৰ চিকিৎসকৰ মৃত্যু হোৱাৰ লগতে আন তিনিগৰাকী চিকিৎসক আহত হয়। স্থানীয় সূত্ৰৰ মতে, দেওবাৰে উত্তৰবঙ্গ মেডিকেল কলেজৰ কেইগৰাকীমান চিকিৎসক এখন ব্যক্তিগত গাড়ীৰে পানিঘাটালৈ ফুৰিবলৈ গৈ আছিল। কদমা মোৰৰ সমীপত পানীঘাটা-বাগডোগৰা ৰাজ্যিক ঘাইপথত তেওঁলোকৰ চাৰিচকীয়া বাহনখনৰ সৈতে শিলিগুৰি অভিমুখী আন এখন বাহনৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে নকশালবাৰী থানা আৰু ট্ৰাফিক গাৰ্ডৰ আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰে। চিকিৎসকসকলক উদ্ধাৰ কৰি উত্তৰবঙ্গ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে এগৰাকী জুনিয়ৰ চিকিৎসকৰ মৃত্যু ঘটে। মৃত চিকিৎসকগৰাকীৰ নাম সায়ন্তনী ভাদুড়ী বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ ঘৰ কলকাতাত আৰু তেওঁ উত্তৰবঙ্গ মেডিকেল কলেজত কৰ্মৰত আছিল। আনহাতে, আন দুগৰাকী চিকিৎসকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু এগৰাকী চিকিৎসকক প্ৰাথমিক চিকিৎসাৰ পিছত অব্যাহতি দিয়া হৈছে। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰিছে। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেই সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation যুৱ প্ৰজন্মক বিশ্বাসঘাতকতা নকৰোঁঃ ৪০ কোটি টকীয়া গুটখাৰ বিজ্ঞাপন প্ৰত্যাখান অভিনেতা সুনীল শেট্টীৰ নিজৰ মাতৃভাষাটোক কেতিয়াও পাহৰি নাযাবঃ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ