দেশৰ আইনী ব্যৱস্থাৰ পৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বা চমুকৈ পিআইএল সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ বাবে আজি উচ্চতম ন্যায়ালয়ত তীব্ৰ দাবী উত্থাপন কৰে কেন্দ্ৰীয় চৰকাৰে। দৰিদ্ৰ আৰু অসহায় লোকৰ বাবে এসময়ত আৰম্ভ কৰা এই ব্যৱস্থাটো বৰ্তমানৰ ডিজিটেল যুগত অপ্ৰাসংগিক হৈ পৰা বুলি মত পোষণ কৰে চৰকাৰে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক জনায় যে এতিয়া পিআইএলৰ দৰে ব্যতিক্ৰমী সাংবিধানিক আহিলাৰ কোনো প্ৰয়োজন নাই।

কেন্দ্ৰৰ মতে, ১৯৮৫ চনত যি ঠাইত বছৰি মাত্ৰ ২৫ হাজাৰ আবেদন দাখিল হৈছিল, ২০১৯ চনত ইয়াৰ সংখ্যাই অতিক্ৰম কৰিছে ৭০ হাজাৰ। ই-ফাইলিং আৰু আইনী সাহায্য কেন্দ্ৰৰ দৰে আধুনিক সুবিধাৰ ফলত যিকোনো লোকে এতিয়া পোনপটীয়াকৈ আদালতৰ দ্বাৰস্থ হ’ব পাৰে বুলি যুক্তি দৰ্শায় ছলিচিটৰ মেহতাই। আনকি এখন সাধাৰণ পত্ৰইও এতিয়া আদালতত গোচৰ হিচাপে গণ্য হয়। গতিকে নিৰ্দিষ্ট কোনো লক্ষ্য আগত ৰাখি দাখিল কৰা এই আবেদনসমূহৰ পৰা আদালতক ৰেহাই দিয়াৰ সময় আহি পৰিছে।

ইফালে, কেন্দ্ৰৰ এই স্থিতিৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে কিছু ভিন্ন মত পোষণ কৰা পৰিলক্ষিত হয়। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত বিচাৰপীঠখনে জনায় যে যিকোনো আবেদন গ্ৰহণৰ ক্ষেত্ৰত আদালত এতিয়া বহু বেছি সতৰ্ক। যোৱা দুই দশকত পিআইএল পৰীক্ষা কৰিবলৈ আদালতে নিৰ্ধাৰণ কৰিছে কেইবাটিও কঠোৰ চৰ্ত। কেৱল ৰাজহুৱা গুৰুত্ব থকা বিষয়তহে জাননী জাৰি কৰে আদালতে। কেন্দ্ৰক উত্তৰ দি মুখ্য ন্যায়াধীশে কয় যে আদালতৰ মজিয়ালৈ এতিয়া যিকোনো এজেণ্ডা লৈ অহাটো সহজ নহয়।

উল্লেখ্য যে শাবৰীমালা মন্দিৰৰ প্ৰৱেশক লৈ চলি থকা এক শুনানিৰ মাজতে এই গুৰুত্বপূৰ্ণ বিষয়টো চৰ্চালৈ আহে। ধৰ্মীয় বিশ্বাসৰ সৈতে সম্পৰ্ক নথকা এজন ‘অচিনাকি’ ব্যক্তিয়ে কাৰোবাৰ পৰম্পৰাক প্ৰত্যাহ্বান জনোৱাটো কিমান যুক্তিসংগত, তাক লৈ সন্দেহ প্ৰকাশ কৰে ন্যায়াধীশ বি ভি নাগাৰাথানাই। প্ৰকৃত ভক্ত নোহোৱা লোকে কৰা আবেদনসমূহ আৰম্ভণিতেই নাকচ কৰা উচিত আছিল বুলি মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে। ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভৱিষ্যতক লৈ হোৱা এই তৰ্কই এতিয়া আইনী মহলত এক নতুন বিতৰ্কৰ সূচনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *