ঝাৰখণ্ডৰ হাজাৰীবাগ সদৰ থানা অঞ্চলৰ অন্তৰ্গত হাবিবীনগৰত বুধবাৰে সংঘটিত হোৱা এটা শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱায়। এই ঘটনাত আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। মৃতসকলৰ ভিতৰত মহম্মদ ইউনুছৰ পুত্ৰ ছাদ্দাম আৰু নহী পৰবীন বুলি চিনাক্ত কৰা হৈছে যদিও আন এজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। বৰ্তমান সংকটজনক অৱস্থাত আহত ব্যক্তিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি, হাবিবীনগৰ অঞ্চলত জোপোহা চাফা কৰি থকাৰ সময়তে মাটিৰ তলত পুতি থোৱা এটা বোমা হঠাত্‍ বিস্ফোৰণ ঘটে। চাফাই কামত ব্যৱহৃত কোৰ বা আন কোনো সঁজুলিৰ আঘাত লাগিয়েই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দত সমগ্ৰ অঞ্চলটো কঁপি উঠে আৰু চাৰিওফালে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল উপস্থিত হৈ সমগ্ৰ এলেকাটো ঘেৰি ধৰে আৰু মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উল্লেখ্য যে, এই বিশেষ অঞ্চলটোত পূৰ্বেও এনে ধৰণৰ বোমা বিস্ফোৰণৰ ইতিহাস আছে। ২০১৬ চনৰ ৰামনৱমীৰ সময়ত সংঘটিত হোৱা হিংসাৰ কালত বোমা তৈয়াৰ কৰি থকা অৱস্থাত বিস্ফোৰণ ঘটি পাঁচজন লোকে প্ৰাণ হেৰুৱাইছিল। এতিয়া পুনৰ একেটা অঞ্চলতে বোমা উদ্ধাৰ হোৱা ঘটনাই নিৰাপত্তা ব্যৱস্থাৰ ওপৰত বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। মাটিৰ তলত এই বোমাটো কি উদ্দেশ্যেৰে পুতি থোৱা হৈছিল আৰু ই কিমান পুৰণি, সেই সন্দৰ্ভত ফৰেনচিক দলৰ সহায়ত আৰক্ষীয়ে তদন্ত চলাইছে। ইতিমধ্যে অঞ্চলটোত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *