দিল্লীৰ কনট প্লেচত অনুষ্ঠিত এক ৰাজনৈতিক নাটকে এতিয়া আইনী জটিলতাৰ সৃষ্টি কৰিছে। আম আদমি পাৰ্টিৰ তিনিগৰাকী জ্যেষ্ঠ নেতা- সৌৰভ ভাৰদ্বাজ, সঞ্জীৱ ঝা আৰু আদিল আহমেদ খানৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগত বৃহস্পতিবাৰে এখন এজাহাৰ দাখিল কৰা হয়। বৰদিনৰ ঠিক পূৰ্বে পবিত্ৰ ধৰ্মীয় প্ৰতীকক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাক লৈ এই বিবাদৰ সূত্ৰপাত ঘটে।

অভিযোগ অনুসৰি, ১৭ আৰু ১৮ ডিচেম্বৰত আপৰ অফিচিয়েল হেণ্ডলৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল। এই ভিডিঅ’টোত চাণ্টা ক্লজৰ পোছাক পিন্ধা একাংশ লোকক দিল্লীৰ প্ৰদূষণৰ বাবে ৰাজপথত মূৰ্ছা খাই পৰা দেখুওৱা হৈছিল। খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ বাবে পবিত্ৰ এই চৰিত্ৰটোক ইতিকিং কৰা আৰু ৰাজনৈতিক বাৰ্তাৰ বাবে ‘প্ৰপছ’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে অধিবক্তা খুছবু জৰ্জে।

সৌৰভ ভাৰদ্বাজে এই ভিডিঅ’টোৰ জৰিয়তে দিল্লীৰ ভয়াৱহ বায়ুপ্ৰদূষণৰ ইছ্যুত বিজেপি চৰকাৰক লক্ষ্য কৰি লৈছিল। ভিডিঅ’টোত তেওঁক ‘চাণ্টা’ক চিপিআৰ দি থকাও দেখা গৈছিল। অভিযোগকাৰীৰ মতে, এয়া ছেইণ্ট নিকোলাছৰ পবিত্ৰতা আৰু বৰদিনৰ ঐতিহ্যৰ প্ৰতি এক চৰম অপমান।

ইফালে এই গোচৰৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৌৰভ ভাৰদ্বাজে। তেওঁ বিজেপিৰ বিৰুদ্ধে ওলোটাই অভিযোগ তুলি কয় যে এয়া বিৰোধীৰ কণ্ঠৰোধ কৰাৰ এক কৌশলহে। তেওঁৰ মতে, প্ৰদূষণৰ দৰে গুৰুত্বপূৰ্ণ ইছ্যুটো জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবেই চৰকাৰে আৰক্ষীক ব্যৱহাৰ কৰি তেওঁলোকক ভয় খুৱাবলৈ চেষ্টা কৰিছে।

বৰ্তমান দিল্লী আৰক্ষীয়ে বি এন এছ এছৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে। নিৰ্বাচনৰ পূৰ্বে ধৰ্মীয় আৱেগ আৰু ৰাজনৈতিক প্ৰতিবাদৰ এই সংঘাতত কোন পক্ষৰ জয় হয়, সেয়া সময়হে ক’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *