২০২৪ চনত ২.০৬ লাখতকৈ অধিক লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সংসদত এই কথা প্ৰকাশ কৰে। বিদেশ মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে ৰাজ্যসভাত কয় যে ২০২৩ চনত ২.১৬ লাখ ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে। ২০২২ চনত ২.২৫ লাখতকৈ অধিক ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছিল। ২০২১ চনত এই সংখ্যা আছিল ১.৬ লাখ, ২০২০ চনত ৮৫,২৫৬ আৰু ২০১৯ চনত ১.৪ লাখ। কংগ্ৰেছৰ সাংসদ অনিল কুমাৰ যাদৱ মাণ্ডাদীৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰদান কৰে। সিঙে কয় যে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিব বিচৰা ব্যক্তিয়ে অনলাইন আবেদন কৰিব লাগিব, তাৰ পিছত জিলা উপায়ুক্ত বা কনছুলাৰ বিষয়াই মূল পাছপ’ৰ্ট পৰীক্ষা কৰে। ৩০ দিনৰ ভিতৰত যোগান ধৰিবলগীয়া ইনপুটৰ বাবে সকলো চৰকাৰী বিভাগকে নথি-পত্ৰ আপলোড কৰি উপলব্ধ কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে কয় আৰু এই সময়সীমাৰ পিছত ত্যাগ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে সংসদত জনাইছিল যে ২০১৮ চনত নাগৰিকত্ব ত্যাগ কৰা ভাৰতীয়ৰ সংখ্যা ১.৩৪ লাখ আৰু ২০১৭ চনত ১.৩৩ লাখ। ভাৰতীয় নাগৰিকত্ব ত্যাগ বা বিদেশী নাগৰিকত্ব লোৱাৰ কাৰণসমূহ ব্যক্তিগত আৰু কেৱল ব্যক্তিজনেহে জানে বুলি কেন্দ্ৰীয় চৰকাৰে কৈছিল। Share this:FacebookX Related Post navigation মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল আৰু ৬ মাহলৈ বৃদ্ধি