বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে মঙলবাৰে কয় যে অহা বছৰৰ ফেব্ৰুৱাৰী মাহত পৰৱৰ্তী সংসদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব।যোৱা বছৰৰ ছাত্ৰ নেতৃত্বাধীন প্ৰতিবাদী আন্দোলনৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে দেশবাসীক টেলিভিছনযোগে দিয়া ভাষণত ইউনুছে এই মন্তব্য কৰে। এই আন্দোলনক “জুলাই বিদ্ৰোহ” নামেৰে নামাকৰণ কৰা হৈছে।

ইয়াৰ বাবেই দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ক্ষমতাৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল। দেশবাসীক সম্বোধন কৰি ইউনুছে কয় যে, অন্তৱৰ্তীকালীন চৰকাৰৰ হৈ মুখ্য নিৰ্বাচন আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰি আগন্তুক ৰমজানৰ পূৰ্বে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগক ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাম।

অহা বছৰৰ ১৭ বা ১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ৰমজান মাহ। ইয়াৰ পূৰ্বে বাংলাদেশত অহা বছৰৰ এপ্ৰিল মাহৰ প্ৰথম পষেকত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *