যিটো গোচৰক লৈ বিজেপিয়ে দীৰ্ঘদিন ধৰি কংগ্ৰেছক আক্ৰমণ কৰি আহিছিল, সেই গোচৰটোৱে এতিয়া ওলোটাই বিজেপিৰ বাবেহে অস্বস্তিবোধৰ সৃষ্টি কৰিছে। নেচনেল হেৰাল্ড গোচৰত ইডিৰ অভিযোগনামা আদালতে গ্ৰহণ নকৰাৰ পাছতেই এতিয়া আক্রমণাত্মক হৈ পৰিছে কংগ্ৰেছ। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই সংবাদমেলত কয় যে, আদালতৰ এই ৰায় চৰকাৰৰ মুখত এক চৰ সদৃশ। তেওঁ কয়, “মোদী আৰু শ্বাহে পদত্যাগ কৰিব লাগে। ৰাজনৈতিক প্ৰতিশোধ ল’বলৈ তেওঁলোকে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰিছে আৰু মানুহক হাৰাশাস্তি কৰিছে। জনসাধাৰণে এনে ব্যৱহাৰ কেতিয়াও সহ্য নকৰে।” খাৰ্গেৰ সৈতে এই সংবাদমেলত কে চি বেণুগোপাল, অভিষেক সিংভী আৰু জয়ৰাম ৰমেশৰ দৰে জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। উল্লেখ্য যে, মঙলবাৰে দিল্লীৰ এখন আদালতে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে ইডিয়ে দাখিল কৰা মানি লণ্ডাৰিং অভিযোগ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিশেষ ন্যায়াধীশ বিশাল গোগনে স্পষ্ট কৰি দিয়ে যে ইডিৰ এই তদন্ত কোনো এফআইআৰৰ ওপৰত ভিত্তি কৰি কৰা হোৱা নাছিল, বৰঞ্চ এজন ব্যক্তিৰ ব্যক্তিগত অভিযোগৰ ভিত্তিতহে কৰা হৈছিল, যিটো আইনীভাৱে গ্ৰহণযোগ্য নহয়। এই ৰায়ৰ পাছতে কংগ্ৰেছে চৰকাৰৰ “ৰাজনৈতিক প্ৰতিশোধৰ ৰাজনীতি” উদঙাই দিয়াৰ সংকল্প লৈছে। দলৰ জ্যেষ্ঠ নেতা অভিষেক সিংভীয়ে কয় যে গোলমালতকৈ আইনে এতিয়া ডাঙৰকৈ কথা কৈছে। আনহাতে, ইডিৰ বিষয়াসকলে জানিবলৈ দিছে যে তেওঁলোকে এই ৰায়ৰ বিৰুদ্ধে উচ্চ আদালতত আপীল কৰাৰ সম্ভাৱনা আছে। আগন্তুক দিনত সংসদৰ ভিতৰে-বাহিৰে এই ইছ্যুটোক লৈ কংগ্ৰেছে চৰকাৰক অধিক তীব্ৰভাৱে ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছে। Share this:FacebookX Related Post navigation মণিপুৰত পুনৰ গুলীবৰ্ষণৰ শব্দ! বিষ্ণুপুৰত অতিৰিক্ত সেনা মোতায়েন ভি-এ প্ৰিপেইড গ্ৰাহকৰ বাবে ভাৰতৰ ৰিচাৰ্জ লিংকড হেণ্ডছেট চুৰি আৰু লোকচানৰ বীমা পৰিকল্পনা মুকলি কৰিছে