প্ৰকৃতিৰ প্ৰত্যাহ্বানৰ ওচৰত হাৰ মানিছে ৰাজনৈতিক কাৰ্যসূচী। ডাঠ কুঁৱলীয়ে অসমৰ আকাশ আৱৰি ধৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী ভ্ৰমণ সাময়িকভাৱে স্থগিত ৰখা হৈছে। সোমবাৰে পুৱাই ৰাজ্যখনত উপস্থিত হৈ কেইবাটাও অভিলাষী প্ৰকল্পৰ দ্বাৰ মুকলি কৰাৰ কথা আছিল যদিও দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবে তেওঁৰ বিমানৰ উৰণত ব্যাঘাত জন্মা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অমিত শ্বাহৰ এই ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে ব্যাপক প্ৰস্তুতি চলাইছে। গুৱাহাটীৰ বৰাগাঁৱত নৱনিৰ্মিত ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ত অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধা জনোৱাৰ পাছতে তেওঁ নগাওঁ জিলাৰ বটদ্ৰৱা থানৰ ২২৭ কোটি টকীয়া নৱীকৰণ প্ৰকল্পৰ উদ্বোধন কৰাৰ কথা আছিল। ইয়াৰ উপৰি গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আৰু অত্যাধুনিক কমাণ্ড এণ্ড কণ্ট্ৰ’ল চিষ্টেমৰ শুভ উদ্বোধনৰ বাবেও সকলো সাজু কৰা হৈছিল। বৰ্তমান চৰকাৰী মহলৰ পৰা গৃহমন্ত্ৰীগৰাকীৰ আগমনৰ কোনো নতুন সময়সূচী ঘোষণা কৰা হোৱা নাই। বতৰৰ পৰিস্থিতি উন্নত হ’লেহে ভ্ৰমণৰ নতুন দিন স্থিৰ কৰা হ’ব। এই অনিশ্চয়তাৰ মাজতে ৫ হাজাৰ লোক বহিব পৰা খানাপাৰাৰ বিশাল জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধনী অনুষ্ঠানৰ অপেক্ষাত ৰৈছে একাংশ জনসাধাৰণ। Share this:FacebookX Related Post navigation নিশাৰ ভিতৰতে নিভিল চাৰিটা প্ৰাণঃ জুই জ্বলাই শুই থকাৰ সময়তে পৰিয়ালটোলৈ নামিল মৃত্যুৰ ছাঁ ২০২৬ৰ নিৰ্বাচনত অসমত হ’ব কংগ্ৰেছৰ চৰকাৰঃ দাবী গৌৰৱ গগৈৰ