অসমৰ মাটিত আৰু কোনোদিনেই হিংসাৰ ক’লা ছাঁ পৰিবলৈ দিয়া নহ’ব বুলি বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত এক দৃঢ় ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। চলিত বাজেট অধিবেশনৰ অন্তিমটো দিনত সদনক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে বৰ্তমানৰ চৰকাৰৰ দিনত ৰাজ্যখনত এটাও বোমা বিস্ফোৰণ, এটাও গুলীচালনাৰ ঘটনা অথবা এটুপিও অসমীয়া ডেকাৰ তেজ মাটিত পৰিবলৈ দিয়া নহ’ব। যোৱা পাঁচটা বছৰক অসমৰ বাবে এক ‘পৰিৱৰ্তনৰ যুগ’ হিচাপে অভিহিত কৰি তেওঁ কয় যে এই সময়ছোৱাত কোনো এজন সাধাৰণ নাগৰিক, নিৰাপত্তাকৰ্মী বা স্থানীয় যুৱকৰ প্ৰাণহানি হোৱা নাই।

অতীতৰ ধেমাজি বিস্ফোৰণৰ দৰে শোকাৱহ ঘটনা আৰু উগ্ৰপন্থী সমস্যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী-সেনাৰ মৃত্যুৰ কথা সোঁৱৰাই মুখ্যমন্ত্ৰীয়ে কয় যে সেই যন্ত্ৰণাদায়ক দিনবোৰ এতিয়া অতীত হ’ল। আলফাৰ দৰে বিদ্ৰোহী সংগঠনৰ সৈতে জড়িত হিংসাত্মক কাৰ্যকলাপৰ যি যন্ত্ৰণা অসমে দীৰ্ঘদিন ধৰি সহ্য কৰিছিল, তাৰ পৰা ৰাজ্যখন এতিয়া বহু আগুৱাই আহিছে। তেওঁৰ মতে, শান্তি, স্থিৰতা আৰু উন্নয়নৰ দিশত অসমে এক নিৰ্ণায়ক খোজ দিছে আৰু যোৱা পাঁচ বছৰত সেনা, আৰক্ষী বা চি আৰ পি এফৰ কোনো জোৱানৰ মৃত্যু হোৱা নাই।

কেন্দ্রীয় চৰকাৰৰ সৈতে ৰাজ্যৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি শৰ্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রতি বছৰে কেইবাবাৰো অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে পূৰ্বৰ প্রধানমন্ত্রী ড° মনমোহন সিঙে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছতো পাঁচ বছৰত মাত্ৰ দুবাৰহে অসমলৈ আহিছিল বুলি তেওঁ সমালোচনা কৰে। ১৯৬২ চনৰ যুদ্ধৰ সময়ৰ নেহৰুৰ বিখ্যাত উক্তিৰ কথা সোঁৱৰাই দি তেওঁ কয়, “১৯৬২ চনত কোৱা হৈছিল- ‘My heart goes out to the people of Assam’, কিন্তু ২০২৬ চনত কোৱা হয়— ‘My heart stays with Assam’।”

মুখ্যমন্ত্ৰীয়ে ভাষণৰ সামৰণিত কয় যে অস্থিৰতা আৰু বিদ্ৰোহৰ যুগ সমাপ্ত কৰি অসম এতিয়া নিৰাপত্তা আৰু বিকাশৰ পথত অগ্ৰসৰ হৈছে। বিগত পাঁচটা বছৰক তেওঁ শান্তি আৰু প্ৰগতিৰ আধাৰ হিচাপে বৰ্ণনা কৰে। নিৰ্বাচনৰ প্ৰাকক্ষণত বিধানসভাত মুখ্যমন্ত্ৰীৰ এই স্থিতিয়ে চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰাৰ লগতে ভৱিষ্যতৰ এক সুৰক্ষিত অসমৰ ছবি প্ৰতিফলিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *