শ্রমিক বিৰোধী শ্রম সংহিতা  বাতিল কৰা আৰু শ্রমিক শ্রেণীৰ গণতান্ত্রিক, সাংবিধানিক অধিকাৰ ৰক্ষাৰ দাবীত কেন্দ্রীয় ট্রেড  ইউনিয়ন আৰু কর্মচাৰী ফেডাৰোচনসমূহৰ যৌথ মঞ্চই অহা ১২ ফেব্রুৱাৰীত দেশজুৰি সাধাৰণ ধর্মঘট আহ্বান দিছে। এই ধর্মঘট অসমতো সর্বাত্মক ৰূপত পালন কৰাৰ বাবে ৰাজ্যখনৰ শ্রমিক-কর্মচাৰী সংগঠনসমূহে সিদ্ধান্ত গ্রহণ কৰিছে।

ইতিমধ্যে দেশখনৰ লগতে অসমত মটৰ পৰিবহন খণ্ডৰ চালক-কর্মচাৰী সংগঠনসমূহৰ যৌথমঞ্চই এই ধর্মঘট সফল কবাব বাবে ২৪ ঘন্টীয়া চকাবন্ধ ঘোষণা কৰে। একেদৰে চাহ বাগিচাত কর্মৰত বাগিচা শ্রমিক সংগঠনসমূহেও কর্মবিৰতিৰে ধর্মঘট সফল কৰাৰ সিদ্ধান্ত লয়। এই ধৰ্মঘটৰ লগত সংগতি ৰাখি আজি  মেঘদূত ভৱনৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে শ্ৰমিক সংগঠনে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *