অসমৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি আৰু অসম গণ পৰিষদৰ মাজৰ সম্পৰ্কক লৈ ৰাজনৈতিক মহলত চলি থকা চৰ্চাই এতিয়া লাভ কৰিছে এক নতুন মাত্ৰা। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শনৰ উদ্দেশ্যে সোমবাৰে ডিমৰীয়াত অনুষ্ঠিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োটা দলৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আগন্তুক নিৰ্বাচনত মিত্ৰজোঁটৰ ঐক্যবদ্ধ যুঁজৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে দুয়োটা দলৰ উমৈহতীয়া লক্ষ্য হৈছে অসমত পুনৰ এখন এন ডি এ চৰকাৰ গঠন কৰা। সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত কোনো বিৰোধ নাই। তেওঁ কয় যে যদি অগপ জয়ী হয়, তেতিয়াও মুখ্যমন্ত্ৰী বিজেপিৰ পৰাই হ’ব আৰু যদি বিজেপি জয়ী হয়, তেতিয়াও মুখ্যমন্ত্ৰী বিজেপিৰ পৰাই হ’ব। ভৱিষ্যতে দুয়োটা দলৰ মাজত কোনো সংঘাটৰ অৱকাশ নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মিত্ৰজোঁটৰ মূল লক্ষ্য হৈছে ৰাজ্যখনত নিৰৱিচ্ছিন্ন উন্নয়নৰ ধাৰা অক্ষুণ্ণ ৰখা। ডিমৰীয়া অঞ্চলৰ ৰাইজে মিত্ৰজোঁটক পূৰ্ণ সমৰ্থন আগবঢ়াব বুলিও তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। আসন বুজাপৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে এই বিষয়ত অগপৰ সৈতে আলোচনা অব্যাহত আছে। তেওঁ জানিবলৈ দিয়ে যে দেওবাৰেও অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা হৈছে। অতি সোনকালে মিত্ৰজোঁটৰ আসন ভাগ-বতৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীৰ এই ভাষ্যই বিজেপি আৰু অগপৰ মিত্ৰতা অধিক সুদৃঢ় হোৱাৰ ইংগিত দিছে। নিৰ্বাচনী যুঁজৰ বাবে দুয়োটা দলে একত্ৰিত হৈ ৰণকৌশল প্ৰস্তুত কৰা কাৰ্যই বিৰোধী শিবিৰকো এক শক্তিশালী প্ৰত্যাহ্বান জনাব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে। Share this:FacebookX Related Post navigation যদি বাপু জীয়াই থাকিলহেঁতেন, তেন্তে তেওঁ অসমীয়া মানুহৰ সৈতে থিয় দিলেহেঁতেনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ এয়াৰ ইণ্ডিয়াত যান্ত্ৰিক বিজুতি! পাইলটৰ তৎপৰতাত ৰক্ষা পৰিল শতাধিক যাত্ৰীৰ প্ৰাণ