অৰুণাচল প্ৰদেশত শেহতীয়াকৈ সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলাৰ গেলাপুখুৰী চাহ বাগিচাত উপস্থিত হৈ এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২০ গৰাকী শ্ৰমিকৰ শোকাকুল পৰিয়ালক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰতিটো পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাকৈ এককালীন সাহায্যৰ চেক প্ৰদান কৰে। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ সাহায্য পুজিৰ পৰা ২ লাখ টকাকৈ অতিৰিক্ত সাহায্য দিয়াৰ কথা তেওঁ ঘোষণা কৰে। ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে উপায়ুক্তক নিৰ্দেশ দিয়ে যাতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক শীঘ্ৰে ‘অৰুণোদয়’ আঁচনিৰ অন্তৰ্ভুক্ত কৰা হয়। যিবোৰ পৰিয়ালৰ ৰেচন কাৰ্ড নাই, তেওঁলোকক জৰুৰীভিত্তিত কাৰ্ড প্ৰদান কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। শৰ্মাই কয় যে চাহ বাগিচাত দক্ষতা বিকাশৰ কেন্দ্ৰ আৰু ডাঙৰ উদ্যোগ স্থাপন নোহোৱালৈকে বাহিৰলৈ শ্ৰমিকৰ বহিঃগমন ৰোধ কৰাটো কঠিন। তেওঁ চাহ বাগিচা কৰ্তৃপক্ষৰ সৈতে মিলি পৰিয়ালসমূহৰ সংস্থাপনৰ পথো বিচাৰি উলিওৱাৰ আশ্বাস দিয়ে। ইফালে, তিনিচুকীয়া আৰক্ষীয়ে বিহাৰৰ পৰা দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ মালিক ভূষণ কুমাৰক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বে দুজন ঠিকাদাৰকো গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ৮ ডিচেম্বৰত অৰুণাচলৰ আনজাও জিলাত ২১ গৰাকী শ্ৰমিক কঢ়িয়াই নিয়া এখন ট্ৰাক ১০০০ ফুট দ খাৱৈত পৰি যোৱাত ২০ গৰাকী লোকৰ থিতাতে মৃত্যু হৈছিল। এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা বুধেশ্বৰ দীপ নামৰ এজন যুৱক কথমপি প্ৰাণে ৰক্ষা পৰিছিল। Share this:FacebookX Related Post navigation জুবিন গাৰ্গৰ মৃত্যুত চাঞ্চল্যকৰ মোৰ! চাৰ্জশ্বীটৰ ভয়ংকৰ তথ্য ফাদিল অখিল গগৈৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত! চিবিআইৰ তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ত পিআইএল, পৰৱৰ্তী শুনানি ১৩ মাৰ্চত