অসমৰ পৰ্যটন সম্ভাৱনা আৰু বন্যপ্ৰাণীতকৈ সুৰক্ষাক লৈ বিশ্বব্যাপী আস্থা বৃদ্ধিৰ প্ৰমাণ দি কাজিৰঙাত লানি নিছিগা সোঁত বিদেশী পৰ্যটকৰ। অসমৰ বন্যপ্ৰাণীক লৈ বিশ্ববাসীৰ এই আগ্ৰহক ঐতিহাসিক আখ্যা দি ছ’চিয়েল মিডিয়াত বিশেষ প’ষ্ট কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ১.৫ লাখতকৈ অধিক পৰ্যটকৰ ভিতৰত প্ৰায় ৭ হাজাৰ বিদেশী লোকৰ উপস্থিতিয়ে কাজিৰঙাৰ গোলকীয় গুৰুত্বক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ইউৰোপ, ৰাছিয়া আৰু জাৰ্মানীৰ দৰে দেশৰ পৰা অহা পৰ্যটকৰ বৃদ্ধিৰ ফলত ৰাজ্যখনৰ পৰ্যটন অৰ্থনীতি অধিক শক্তিশালী হ’ব বুলি আশাবাদী উদ্যান কৰ্তৃপক্ষ। Share this:FacebookX Related Post navigation পুনৰ কৃতিত্ব অৰ্জন পৰিচালক ৰীমা দাসৰ, ভিলেজ ৰকষ্টাৰ্ছ ২-ৰ বাবে লাভ কৰিলে বিশেষ সন্মান পেট্ৰ’নাছ টিভিএছ ইণ্ডিয়া অ’এমচি ২০২৬ৰ প্ৰশিক্ষণ আৰু বাছনি কাৰ্যসূচী ঘোষণা টিভিএছএমৰ