অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজতে মাত্ৰ কিছুদিন বাকী থকা অৱস্থাত ৰাজ্যৰ ৰাজনৈতিক পৰিবেশ উতপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। আনকি শাসকীয় বিজেপি প্ৰাৰ্থী ফালৰ পৰা আন বহু দাবীৰ লগতে অবৈধ বাংলাদেশী মুছলমানৰ আগ্ৰাসন ৰোধৰ বাবে বিজেপি দলক ভোট দিবৰ বাবে ৰাইজক আহ্বান জনোৱা হৈছে। ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  শাসনত আহিলে বাংলাদেশী মূলৰ মুছলমানৰ আগ্ৰাসন ৰোধৰ বাবে বেদখল উচ্ছেদকে ধৰি কেতবোৰ  কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হব বুলি নিৰ্বাচনী সভা সমিতি সমূহত ঘোষণা কৰা পৰিলক্ষিত হৈছে। দলৰ নিৰ্বাচনী ইস্তাহাৰতো এই কথা সন্নিৱিষ্ট কৰা হৈছে। কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ বিপৰীতে  খোদ গুৱাহাটী মহানগৰীৰ  দুই নম্বৰ ৱাৰ্ডৰ তথা পূৰ্বৰ পশ্চিম গুৱাহাটীৰ আৰু সমষ্টি পুনৰ গঠনৰ পাছত নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত  অন্তৰ্ভূক্ত হোৱা গুৱাহাটী ৰাজহ চক্ৰৰ অধীনৰ জালুকবাৰী মৌজাৰ পশ্চিম জালুকবাৰীৰ খানামুখৰ দীপৰ বিলৰ সমীপত  অৰ্দ্ধ শতাধিক সন্দেহযুক্ত নাগৰিকে প্ৰায় ৫০ বিঘাৰো অধিক মাটি ক্ৰয় কৰি সেই মাটিত ঘৰ – দুৱাৰ নিৰ্মাণ কৰি বসতি আৰম্ভ কৰা কাৰ্যই স্থানীয় লোকসকলক শংকিত কৰি তুলিছে। বৃহত্তৰ খানামুখ অঞ্চলৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান খানমুখ মিলন সংঘৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়া মতে বাংলাদেশী মূলৰ সন্দেহযুক্ত লোকসকলক মাটি বিক্ৰী কৰা কাৰ্যত বদনৰূপী একাংশ মাটিৰ দালাল জড়িত হৈ আছে।

সেই দালাল চক্ৰই ২০১৯  চনৰ পাছৰে পৰা খিলঞ্জীয়া লোকসকলে  অঞ্চলটোত পাম হিচাপে সেই অঞ্চলত পৰিচিত স্থানত  খেতি- বাতি কৰি চলি থকা সহজ – সৰল লোকসকলক নানান প্ৰলোভন দি প্ৰথমতে বিঘাই বিঘাই মাটি ক্ৰয় কৰে। তাৰ পাছত চকুৰ পচাৰতে স্থানীয় লোকসকলে তৰ্কিব পৰাৰ আগতেই সেই মাটি অৰ্দ্ধ শতাধিক লোকক বিক্ৰী কৰে। এতিয়া সেই মাটিত সন্দেহযুক্ত নাগৰিক সকলে ওখকৈ পকী দেৱাল নিৰ্মাণ কৰি বসতি আৰম্ভ কৰাই নহয় তাত ভাগে ভাগে মছজিদ, ঈদগাহ, কবৰস্থান, মাদ্ৰাছা আদি নিৰ্মাণ কৰাৰ বাবে মাটি সংৰক্ষিত কৰাৰ কামো আৰম্ভ কৰা  বুলি জানিব পৰা গৈছে। যাৰ বাবে এশ শতাংশ হিন্দু বসতি প্ৰধান  বৃহত্তৰ খানামুখ অঞ্চলত অদূৰ ভৱিষ্যতে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকা কৰা হৈছে। আনকি খিলঞ্জীয়া মূলৰ বসতি প্ৰধান অঞ্চলটোত সন্দেহযুক্ত নাগৰিকৰ এই কাৰ্যই তাত মিনি বাংলাদেশ বা মিনি পাকিস্তান গঠন হোৱাৰো আশংকা ব্যক্ত কৰা হৈছে। এই সন্দৰ্ভত ২০২২-২৩ চনত অঞ্চলটোৰ  লোকসকলে স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক সন্দেহযুক্ত নাগৰিকে দীপৰ বিলৰ সমীপত মিনি বাংলাদেশ, মিনি পাকিস্তান গঢ়ি তোলাৰ বিষয়ে অভিযোগ দিছিল। ৰাইজৰ অভিযোগৰ ভিত্তিত বিধায়ক কলিতাই তৎকালে গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক বিষয়টো তদন্ত কৰাৰ বাবে নিৰ্দেশ দিছিল।

কিন্তু সেই নিৰ্দেশ দিয়াৰ কিছুদিন পাছতেই চক্ৰ বিষয়া , লাট মণ্ডল আদি সকলো অইন ঠাইলৈ বদলি হৈ যোৱাত সেই তদন্ত ধোঁৱাচাঙত উঠি বৰ্ত্তমান পাহৰণিৰ গৰ্ভলৈ গতি কৰিছে। ইফালে  পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী  বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভূক্ত হোৱা খানামুখৰ সন্দেহযুক্ত নাগৰিকৰ বসতি প্ৰধান অঞ্চলটোত যদি বাসিন্দা সকলৰ বিষয়ে যদি উচ্চ পৰ্যায়ৰ তদন্ত কৰি মাটি ক্ৰয় কৰা ধনৰ উৎস , তেঁওলোকৰ নাগৰিকত্ব পৰীক্ষা কৰা নহয় তেন্তে অনাগত দিনত গোজেই গছ হোৱাৰ আশংকা কৰা হৈছে । একেদৰে  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত স্বয়ং মুখ্যমন্ত্ৰীৰ হুংকাৰ আৰু ঘোষণাৰ বিপৰীত দৃশ্য প্ৰতিফলিত হোৱা ঘটনাই স্বাভাবিকতে খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলক শংকিত কৰি তুলিছে। এই বিষয়ত এতিয়াই কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে দীপৰ বিলৰ পাৰলৈ অবশিষ্ট মাটিখিনীও খিলঞ্জীয়া লোকৰ হাতৰ পৰা সন্দেহযুক্ত লোকৰ হাতলৈ যোৱাটো নিশ্চিত।

Leave a Reply

Your email address will not be published. Required fields are marked *