ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিসংগতিক লৈ জাঙুৰ খাই উঠিছে আছু আৰু আটছুসহ কেবাটাও জাতীয় সংগঠন। অসমৰ ভোটাৰ তালিকাত অনা-অসমীয়া আৰু বহিৰাগতক বৰপীৰা পাৰি দিবলৈ চৰকাৰ আৰু নিৰ্বাচন আয়োগে কৰা কাৰ্য কোনো কাৰণতে মানি লোৱা নহয় বুলি সংগঠনসমূহে হুংকাৰ দিয়ে।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই গুৱাহাটীত হোৱা এই বিসংগতিক আশ্চৰ্যকৰ বুলি অভিহিত কৰি দোষী বিষয়াক শাস্তি দিয়াৰ লগতে অচিনাকি মানুহৰ নাম তৎকালীনভাৱে কৰ্তন কৰিবলৈ দাবী জনায়। ভোটাৰ তালিকা সংশোধনীক লৈয়েই ঐতিহাসিক অসম আন্দোলন হৈছিল বুলি ড° ভট্টাচাৰ্যই চৰকাৰক সোঁৱৰাই দিয়ে।

ইফালে আটছুৰ সভাপতি বসন্ত গগৈয়ে সকীয়নি দিয়ে যে এই প্ৰক্ৰিয়া অব্যাহত থাকিলে অসমীয়া মানুহে কোনো সমষ্টিতে বিধায়ক জয়ী কৰাত নিৰ্ণায়ক ভূমিকা ল’ব নোৱাৰিব। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়েও এক শুদ্ধ ভোটাৰ তালিকা অসমৰ মানুহক দিবই লাগিব বুলি মন্তব্য কৰে।

অইনফালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সন্দৰ্ভত কয় যে খচৰাত যাৰ আপত্তি আছে তেওঁলোকে অহা ২২ জানুৱাৰীলৈকে ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়াই ৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ কিছু বিসংগতিৰ কথা স্বীকাৰ কৰি ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাবলগীয়া চূড়ান্ত তালিকাত সেয়া সংশোধন হ’ব বুলি জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *