নির্বাচনী বতাহ গৰম হৈ পৰাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত অভিযোগ-প্ৰত্যাভিযোগৰ ধুমুহা আৰম্ভ হৈছে। শাসক বিজেপি দলৰ বিৰুদ্ধে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। ৪ জানুৱাৰীৰ নিশা অনুষ্ঠিত বিজেপিৰ এক ভিডিঅ’ কনফাৰেঞ্চত, নিৰ্বাচনত জয়লাভ নিশ্চিত কৰিবলৈ ভোটাৰ তালিকাৰ পৰা বিৰোধী ভোটাৰৰ নাম কৰ্তন কৰাৰ ষড়যন্ত্ৰৰ কথা উল্লেখ কৰি, গগৈয়ে তাত অংশগ্ৰহণ কৰা বিজেপিৰ নেতৃত্বৰ ওপৰত অভিযোগ তুলিছে। গগৈৰ মতে, বিজেপিৰ মন্ত্ৰী অশোক সিংঘালক ৬০টা সমষ্টিৰ ‘যোগ্য ভোটাৰ’ৰ নাম কৰ্তন কৰাৰ প্ৰতি বিশেষ দায়িত্ব মজুত কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে যিসকল বিজেপিক ভোট নিদিয়ে, তেনে লোকৰ প্ৰতি তথ্য জমা দিবলৈ মণ্ডল সভাপতি আৰু বিধায়কসকলক নিৰ্দেশ দিয়া হৈছে। গগৈয়ে এই কার্যকলাপক সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত এক চৰম আঘাত হিচাপে অভিহিত কৰিছে। অবাদে, তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে আৰু সেই বৈঠকৰ ৰেকৰ্ডিং ৰাজহুৱা কৰিবলৈ দাবী কৰিছে। তেওঁ উল্লেখ কৰিছে যে যদি তেওঁৰ অভিযোগ মিছা বুলি প্ৰতিপন্ন হয়, তেনেহলে তেওঁ ‘নাৰ্কো-এনালাইছিছ টেষ্ট’ৰ সন্মুখীন হ’বলৈ সাজু। গগৈয়ে সমগ্র বিষয়টোৰ ওপৰত উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী জনাইছে আৰু ৰাজ্যৰ ভোটাৰসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বিজেপিৰ ফালৰ পৰা এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। Share this:FacebookX Related Post navigation ভাৰতৰ সৰীসৃপ তালিকাত সংযোজন ‘কেলামেৰিয়া মিজোৰামেনছিছ’, মিজোৰামত নতুন প্ৰজাতিৰ সাপ উদ্ধাৰ মণিপুৰী যুৱতীৰ ছুৰিকাঘাতত কোৰিয়ান নাগৰিকৰ মৃত্যু, তদন্ত আৰম্ভ